Breaking

শিক্ষাৰ গুণগত আৰু গাঁথনিগত বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ উপস্থিত এখনি সন্মিলন আয়োজন কৰা হয়

0 588

আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বাৰানসী কনক্লেভৰ খতিয়ানৰ অংশ হিচাপে অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ সম্পৰ্কে এখন সন্মিলন আয়োজন কৰা হয়। এএ সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।শিক্ষাৰ গুণগত আৰু গাঁথনিগত বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। স্বাস্থ্য আৰু শিক্ষাৰ বাবে ৬% এছ জি ডি পি নিৰ্ধাৰণেৰে স্বাস্থ্য আৰু শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাকে সূচায়।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিশ্ববিদ্যালয়ে নীতিৰ উপাদানসমূহ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইসমূহ কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰতিখন বিশ্ববিদ্যালয়ে শিক্ষা নীতিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয় সমাধানৰ বাবে এখন মূল সমিতি গঠন কৰাটো প্ৰয়োজন। এই সন্মিলন আয়োজন কৰা বাবে ৰাজ্যপাল সচিবালয়ক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে।অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম চৰকাৰৰ উচ্চ শিক্ষাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্যসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.