Breaking

সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত দ্বিতীয়খন খেলতো অসমৰ জয়

0 590

দেশৰ ৰাজধানী চহৰ দিল্লীৰ সুবৰ্ত পাৰ্ক এয়াফৰ্চ খেলপথাৰত অনুষ্ঠিত হৈ থকা ১৪ বছৰ অনুৰ্ধ্ব আন্তঃৰাষ্ট্ৰীয় সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসম ফুটবল দলে দ্বিতীয়খন খেলত মণিপুৰৰ সন্মিলিত কেন্দ্ৰীয় বিদ্যালয়ক পৰাজিত কৰি পৰবৰ্ত্তী পৰ্যায়লৈ উন্নীত হৈছে৷

আজি পুৱাৰ ভাগত অনুষ্ঠিত হোৱা একপক্ষীয় খেলখনত নিজম বসুমতাৰীৰ একমাত্ৰ গলেৰ মণিপুৰক পৰাজিত কৰে ৷ আজিৰ একপক্ষীয় খেলখনত অসম ফুটবল দলে গল কৰাৰ বহুকেইটা সুযোগ লাভ কৰিছিল যদিও ভাগ্য লগ দিয়া নাছিল৷ খেলৰ শেষাৰ্ধত নিজম বসুমতাৰীয়ে এক দৃষ্টিনন্দন কিকেৰে একমাত্ৰ গলটো দিবলৈ সক্ষম হয়৷ অসম দলটোৰ অগ্ৰগতিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজি জিলা ক্ৰীড়া সংস্হাৰ সভাপতি ডাঃ ৰণোজ পেগু আৰু সম্পাদক যতীন বুঢ়াগোঁহায়ে অভিনন্দন জনাইছে৷

Leave A Reply

Your email address will not be published.