নিষ্ঠুৰতাৰ সীমা পাৰ! কান্দি আছিল ৩ বছৰীয়া পুত্ৰই; কন্দাৰ শব্দ সহ্য কৰিব নোৱাৰি খঙত মাতৃয়ে জ্বলাই দিয়ে নিজ পুত্ৰকে, এতিয়া জীৱন-মৃত্যুৰে যুঁজ দি আছে কণমানিটিয়ে

বৈবাহিক বিভেদৰ ফলত হতাশাত ভুগি থকাৰ পাছতেই মাতৃয়ে নিজৰ চাৰে তিনি বছৰীয়া পুত্ৰ সন্তানক জুই লগাই জ্বলাই দিয়ে (Woman Allegedly Set Her Three And A Half Year Old Child On Fire)

পঞ্জাৱৰ (Punjab) লুধিয়ানা জিলাত (Ludhiana District) এক ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে। বৈবাহিক বিভেদৰ ফলত হতাশাত ভুগি থকাৰ পাছতেই মাতৃয়ে নিজৰ চাৰে তিনি বছৰীয়া পুত্ৰ সন্তানক জুই লগাই জ্বলাই দিয়ে (Woman Allegedly Set Her Three And A Half Year Old Child On Fire)। জানিব পৰা মতে ঘটনাটো পঞ্জাৱৰ লুধিয়ানাৰ অন্তৰ্গত সোদানি কালান গাঁৱত (Chudani Kalan Village) সংঘটিত হৈছিল।

মহিলাগৰাকীৰ পুত্ৰৰ অৱস্থা বৰ্তমান সংকটজনক (Critical Condition) বুলি কোৱা হৈছে। অভিযুক্ত মহিলাগৰাকীয়ে যোৱা দুবছৰ ধৰি তেওঁৰ তিনিটা সন্তানৰ সৈতে নিজৰ মাতৃগৃহত বাস কৰি আছিল। মহিলাগৰাকীৰ স্বামীৰ সৈতে নাছিল কোনো ভাল সম্পৰ্ক।

অভিযুক্ত মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীক জনোৱা অনুসৰি কণমানি শিশুটিয়ে কান্দি আছিল আৰু মাকে তাক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হৈছিল। আৰু যাৰ বাবে পুত্ৰৰ কন্দাৰ শব্দ সহ্য কৰিব নোৱাৰি খঙত ৰূপিন্দৰে পুত্ৰৰ গাত জুই লগাই দিছিল।

প্ৰাথমিক অৱস্থাত শিশুটিক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে লুধিয়ানাৰ অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত চিকিৎসকসকলে শিশুটোক পিজিআইএমইআৰ চণ্ডিগড়লৈ (PGIMER Chandigarh) প্ৰেৰণ কৰে। আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু কিশোৰ ন্যায় আইনৰ ৩০৭ ধাৰাৰ অধীনত হত্যাৰ চেষ্টাৰ অভিযোগত এক গোচৰ ৰুজু কৰিছে।

Related Articles