Breaking

‘এখন বেনাৰত ৩ জন মানুহ আৰু এটা ৰাজনৈতিক দল গঠনেৰে বিশ্ব অভিলেখ ভঙ্গ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই’- মহুৰামুখত এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ 

0 689

সাংসদ অজিত কুমাৰ ভূঞাক তীব্ৰ কটাক্ষ অগপ সভাপতি তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰ।ক্ষুৰ ধাৰ সমালোচনাৰে থকা সৰকা সাংসদ অজিত ভূঞাক।আঞ্চলিক গণ মৰ্চা খুলি কিমান আসন পালে ৰাইজে জানে ।অসমত আঞ্চলিক দল হিচাপে কেৱল অগপ দলৰ প্ৰাসংগিকতা আছিল, আছে আৰু থাকিব ৷আজি বোকাখাত মহকুমাৰ মহুৰামুখত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি  সাংবাদিকৰ আগত এই মন্তব্য অগপ সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ ৷ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাক ক্ষুৰধাৰ সমালোচনা কৰে অগপৰ সভাপতি তথা ৰাজ্যৰ জেষ্ঠ মন্ত্ৰী অতুল বৰাই৷

অতুল বৰাই কয় যে, অসম গণ পৰিষদ তেওঁ নিচিনাকৈ তিনি চাৰিজন মানুহ লৈ হোৱা নাই ,গণ পৰিষদ দলৰ জন্ম লগ্নৰ এক ইতিহাস আছে । অসমৰ মানুহৰ তেজ আৰু ত্যাগ আছে আৰু ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ইয়াৰ সেনানী আছে । আনহাতে অজিত ভূঞা কংগ্ৰেছ আৰু AIUDF ৰ পৃষ্ঠপোষকতাত সৃষ্টি হোৱা মানুহ বুলিও সমালোচনা কৰে মন্ত্ৰী বৰাই ।

Leave A Reply

Your email address will not be published.