Breaking

ত্ৰয়োদশ বৰ্ষ গৰকা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সংবাদদাতা, প্ৰতিনিধি আৰু শুভাকাংক্ষীৰ সন্মিলন

0 598

১৩টা বছৰ পাৰ কৰিলে আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছোচাইটীৰ অন্তৰ্গত দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে। বিগত ১৩টা বছৰত বিভিন্ন ঘাট প্ৰতিঘাট অতিক্ৰমী এখনৰ পাছত আনখন কাকত প্ৰকাশ কৰি বৰ্তমান এটা ডিজিটেল নিউজ চেনেলৰে সৈতে দৈনন্দিন বাৰ্তা গোষ্ঠী অসমৰ এক প্ৰতিস্থিত সংবাদগোষ্ঠী। আলোক প্ৰভঞ্জনৰ উপৰিও এই গোষ্ঠীৰ পৰা বিগত ১৩টা বছৰত নিৰবিচ্চিন্নভাৱে প্ৰকাশ হৈ আহিছে অসমীয়া দৈনিক কাকত দৈনন্দিন বাৰ্তা আৰু ইংৰাজী দৈনিক কাকত দ্য আছাম ৰাইজিং। কেৱল ইমানেই নহয়, এই গোষ্ঠীৰ শেহতীয়া সংযোজন ডিজিটেল নিউজ চেনেল ডিবি নিউজকো ৰাইজে দিছে অফুৰন্ত সহাৰি আৰু সমাদৰ। ১৩টা বসন্ত গৰকা গোষ্ঠীটোৱে ১১ চেপ্তেম্বৰ দেওবাৰে বামুনিমৈদাম ঔদ্যগিক পামৰ জ্যোতিনগৰ কালি মন্দিৰৰ সমীপত গঢ়ি তোলা গোষ্ঠীৰ স্থায়ী মুখ্য কাৰ্যালয়ত দৈনন্দিন বাৰ্তাগোষ্ঠীৰ সংবাদদাতা, প্ৰতিনিধি আৰু শুভাকাংক্ষীসকলৰ এক সন্মিলন তথা মত বিনিময় অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত অংশ গ্ৰহন কৰে গোষ্ঠীটোৰ সমগ্ৰ অসমৰে বিভিন্ন জিলাৰ সংবাদদাতা আৰু প্ৰতিনিধিসকলে। ৰাতিপুৱা মাংগলিক অনুষ্ঠানেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত অসমৰ ভিন্ন প্ৰান্তৰ সংবাদসেৱীসকলে নিজ নিজ মত প্ৰকাশ কৰে। এই অনুষ্ঠানটোত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মুখ্য পৰিচালন সঞ্চালক শংকৰ গোঁহাই, দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতিয়া, ডিবি নিউজৰ পৰিলচালন সম্পাদক প্ৰাঞ্জল শৰ্মা, দৈনন্দিন বাৰ্তা গোষ্ঠীৰ শুভাকাংক্ষী উপদেষ্টা উতপল শইকীয়া , কুমুদ নাথ, পৰাগ শইকীয়া, অভিনেতা উদয় শংকৰ আদি। সাংবাদিক নিশা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটো আৰম্ভ হয় কনমাণি ৰিট শৰণীয়াৰ গীতেৰে। মত বিনিময় অনুষ্ঠানত সংবাদাতাসকলে নিজৰ সুবিধা অসুবিধাৰ কথা ব্যক্ত কৰাৰ লগতে নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ কথাও ব্যক্ত কৰে। প্ৰতিগৰাকী সদস্যৰ সৈতে মত বিনিময় কৰে মুখ্য পৰিচালন সঞ্চালক শংকৰ গোঁহাইয়ে

ভোজন বিৰতিৰ অন্তত আৰম্ভ হয় আই কাৰ্ড নৱীকৰণ আৰু বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত অংশ গ্ৰহন কৰে দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেণ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী, লিখক শংকৰ দাস প্ৰমুখ্যে বহুকেইজন লোক।
এইদৰেই বিগত ১৩টা বছৰে ঐকান্তিক প্ৰচেষ্টাৰে জীয়াই ৰখা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সৈতে নিৰন্তৰে একাগ্ৰচিত্তে সেৱা আগবঢ়াই অহা অসমৰ চুকে কোনে থকা সংবাদদাতাসকলক সন্মান জনোৱা হয় লগতে আগন্তুক সময়ত দুগুন উতসাহেৰে জাতি মাটি আৰু দেশৰ সেৱাত সংবাদ পৰিবেশন কৰি যোৱাৰ বাবে সংকল্পবদ্ধ হয়।

উক্ত অনুষ্ঠানত ‘আসাম ৰাইজিং’ৰ ১৩ সংখ্যক বিষয়েও আলোচনা কৰা হয়। লগতে উক্ত অনুষ্ঠানত প্ৰতিখন জিলাৰ সংবাদদাতা সকলে সন্মুখীন হোৱা সুবিধা-অসুবিধা মুকলিকৈ প্ৰকাশ কৰা সুবিধা লাভ কৰে। এই অনুষ্ঠানতে আইকাৰ্ড সমূহ প্ৰদান আৰু নৱীকৰণ কৰাও হয়। সকলোৱে মনৰভাৱ প্ৰকাশ কৰে এই সন্মিলন খন।শেষত সকলোৱে আহাৰ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.