তেলেগু চলচ্চিত্ৰ জগতৰ ‘rebel star’ ৰুপে পৰিচিত কৃষ্ণম ৰাজুৰ মৃত্যু ! প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ…

তেলেগু চলচ্চিত্ৰ জগতৰ ‘rebel star’ ৰুপে পৰিচিত কৃষ্ণম ৰাজুৰ মৃত্যু ! প্ৰধানমন্ত্ৰী মোদীৰ, তেলেগু নেতাই মৃত্যুৰ শোক প্ৰকাশ কৃষ্ণম ৰাজুৱে নিজৰ ৫০ বছৰীয়া কেৰিয়াৰত কেইবাখনো চলচ্চিত্ৰত নায়ক হিচাপে অভিনয় কৰি ‘rebel star’ হিচাপে বহুতৰে হৃদয় জয় কৰিছিল।

প্ৰখ্যাত তেলেগু অভিনেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, তথা বিজেপিৰ প্ৰাক্তন লোকসভা সাংসদ উল্লাপতি ভেংকট কৃষ্ণম ৰাজুৱে দেওবাৰে পুৱা হায়দৰাবাদৰ এখন চিকিৎসালয়ত, কভিড-১৯ৰ পিছৰ জটিলতাত ভুগি শেষ নিশ্বাস ত্যাগ কৰে।

“শ্ৰী ইউ ভি কৃষ্ণম ৰাজু গাৰুৰ মৃত্যুত দুখী। অনাগত প্ৰজন্মই তেওঁৰ চিনেমাৰ উজ্জ্বলতা আৰু সৃষ্টিশীলতাক মনত পেলাব। তেওঁ সমাজসেৱাৰ ক্ষেত্ৰতো আগবাঢ়ি আছিল আৰু এজন ৰাজনৈতিক নেতা হিচাপে নিজৰ স্থান দখল কৰিছিল। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো”…

Related Articles