Breaking

ঘোঁৰাচৰা মধ্য ইংৰাজী বিদ্যালয়ত থকা আশ্ৰয় শিবিৰত আছুৰ খাদ্য সামগ্ৰী বিতৰণ, পৰ্যাপ্ত সাহায্য নোপোৱাত ক্ষোভ বানাক্ৰান্তৰ

0 1,169

যোৰহাট : বাৰিষাৰ দ্বিতীয়টো বানে আকৌ ধুৱাই লৈ গ’ল টীয়ক ৰাজহ চক্ৰৰ বৃহত্তৰ ঔগুৰি অঞ্চলৰ বহু গাঁও। চাৰিওফালে মাথোঁ পানী আৰু পানী। এমুঠি অন্নৰ বাবেও হাঁহাকাৰ কৰি উঠিছে বহু লোকে। এতিয়া প্ৰশ্ন উঠিছে প্ৰতিবছৰে বৃহত্তৰ ঔগুৰি অঞ্চল বানে ধুৱাই নিয়াৰ পাছতো আজিপৰ্যন্ত চৰকাৰী পক্ষই বৈজ্ঞানিক পদ্ধতিৰে বান সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে কিয়? বাৰিষা আহিলেই ঘোৰ অমানিশা নামি আহে এই অঞ্চলৰ ৰাইজৰ। বিস্তৰ ক্ষতিসাধন হৈছে জনসাধাৰণৰ লগতে পশুধনৰ। আজি টীয়ক ঔগুৰিৰ ঘোঁৰাচৰা মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় শিবিৰত থকা  কেইবাটাও পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই । এই বিতৰণৰ সময়ত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা,জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ মণ্টু কুমাৰ বড়া,টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সম্পাদক প্ৰীতমজ্যোতি শইকীয়া,ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা,শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৱিত্ৰ বৰাৰ লগতে ঔগুৰি শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনহাতে বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃত্তিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে অতি ক্ষোভেৰে কয়, প্ৰতিবছৰে বানে জুৰুলা কৰা এই অঞ্চলৰ ৰাইজৰ কাষত থিয় হবলৈ সময় নাই টীয়ক ৰাজহ চক্ৰ বিষয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষ। একেটা বিবৃত্তি সম্পাদক কয় আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত পৰিয়াল কেইটাক সাহায্য দিবৰ বাবে টীয়ক ৰাজহ চক্ৰ বিষয়াক ফোনেৰে যোগাযোগ কৰি সাহায্য দিবৰ বাবে কোৱাত বিষয়া গৰাকীয়ে প্ৰশাসনৰ অনুমোদন হোৱা শিৱিৰতহে আমি খাদ্য সামগ্ৰীহে  দিব পাৰো ৷প্ৰশাসনলৈ প্ৰতাহবান  অনুমোদন নোহোৱা আশ্ৰয় শিবিৰত থকা সকলে নাখায় মৰিব নেকি তাৰ উত্তৰ ৰাজহুৱা কৰক লগতে তৎকালীন ভাবে খাদ্য সামগ্ৰী দিবৰ বাবে দাবী জনালোঁ ৷তেওঁ কয় ৰাইজে সাহায্য পোৱাটো দুৰৰে কথা বানপানীত বুৰ যোৱা কেইবাটাও পৰিয়াল আশ্ৰয় শিবিৰত থকাৰ পাছতো ৰাজহ চক্ৰ বিষয়াৰ কিছুমান দায়িত্বজ্ঞানহীন কথা বতৰাই তেওঁৰ বানপীড়িত লোকৰ প্ৰতি যে কোনো সহানুভূতি নাই সেয়া প্ৰমাণ হৈছে।

Leave A Reply

Your email address will not be published.