Breaking

ভৰিৰ নখৰ যন্ত্ৰণাত ভূগিছে যদি কেইটামান বিশেষ ঘৰুৱা চিকিৎসাৰ উপাই জানি ল‌ওঁক…

0 95

বহুতো লোকৰ ভৰিৰ বুঢ়া আঙুলিত নানাধৰণৰ সমস্যা হয়, যাৰ কাৰণে তেওঁ যন্ত্ৰণাত ভুগিবলগাত পৰে। ভৰিৰ নখত যদি ভেঁকুৰ (ফাংগাছ) জাতীয় বস্তুৰ সংক্রমণ হৈ থাকে। তেন্তে নখবোৰ সম্পূৰ্ণৰূপে ভাঙি যাব। তদুপৰি এনে সংক্ৰমণৰ কাৰণে নখৰ ৰঙো নষ্ট হৈ যায়। যদিহে সংক্রমণ বেছিকৈ বাঢ়ি যায়। তেন্তে ভৰিৰ নখটো নখৰ কাষৰ (নেইনা বেড) পৰা পৃথক হৈ পৰে আৰু তাৰ পিচতেই আৰম্ভ হৈ যায় অতিপাত বিষ, দুৰ্গন্ধও। যদিহে আপোনাৰ নখৰ অৱস্থা অতিপাত বেয়ালৈ ঢাল খাইছে তেন্তে আপুনি চিকিৎসকৰ পৰামর্শ লোৱাটো উচিত হ’ব। পিচে তাৰ আগতে কিছুমান ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিলে আপোনাৰ নখৰ সমস্যাটো সমাধান হৈ যাব। নখত ভেঁকুৰ (Fungus) সংক্রমণ কমাবলৈ কিছুমান ঘৰুৱা উপাদান আৰু পদ্ধতি তলত দিয়া হ’ল।

আপেল চিডাৰ ভিনেগাৰ

আপেল চিডাৰ ভিনেগাৰৰ মাজত এণ্টি বেক্টেৰিয়া বা বেক্টেৰিয়া প্ৰতিৰোধী উপাদানবিধ থাকে। সেয়ে ই ফাংগাচ্‌ বা ভেঁকুৰৰ কাৰণে হোৱা সংক্রমণ (Infection) কমোৱাৰ ক্ষেত্ৰত কাম কৰে। আপেল চিডাৰ ভিনেগাৰত আপোনাৰ আক্রান্ত হোৱা নখটোক প্রতিদিনাই আধাঘণ্টা সময়ৰ বাবে ডুবাই ৰাখক।

বেকিং চ’ডা

বেকিং চ’ডাৰ প্ৰকৃতি হ’ল আলকেলাইন বা ক্ষাৰ জাতীয় প্রকৃতি। ভৰিৰ নখৰ ভেঁকুৰৰ সংক্রমণ কমোৱাত সুন্দৰভাবে কাম কৰে। বেকিং চ’ডাৰ সৈতে পানী মিহলাই এটা লেপন (পেষ্ট) প্ৰস্তুত কৰক। এতিয়া এই লেপনটো ২০ মিনিট সময় নখত লগাই থওক।

নহৰু

নহৰুক ভেঁকুৰ প্ৰতিৰোধক বুলি জনা যায়। কেইফুটামান নহৰু থেতালি লওক। কুহুমীয়া পানীৰ মাজত ইয়াত ৰাখক এতিয়া আক্রান্ত হোৱা নখটোক এই পানীত কিছুসময় ডুবাই ৰাখক। যিমানদিনলৈ আক্রান্ত নখটো আৰোগ্য নহয়, সিমান দিন এই পদ্ধতিটোক ব্যৱহাৰ কৰিব।

হালধি

হালধিক এণ্টিচেপ্টিক হিচাপে জনাজাত। হালধিয়ে নখৰ এনে ৰোগৰ প্ৰতিকাৰ কৰাৰ উপৰি এনে ৰোগৰ প্ৰতিকাৰ কৰাৰ উপৰি এনে ৰোগক প্ৰতিৰোধো কৰিব পাৰে। পানীৰ সৈতে এক চাহ চামুচ হালধি মিহলাই এটা লেপন প্রস্তুত কৰক। এই লেপনটো আক্রান্ত হোৱা নখটোৰ ওপৰত সানি থ’ব। লেপন দিয়াৰ পিচত ৩ বা ৪ ঘণ্টা অপেক্ষা কৰক আৰু তাৰপাচত নখটো ভালকৈ ধুই পেলাব।

পিঁয়াজ

পিঁয়াজৰ মাজত ভেঁকুৰ প্ৰতিৰোধী (এণ্টি ফাংগাচ্‌) গুণ থাকে। সেয়েহে পিঁয়াজে ভেঁকুৰ ধ্বংস কৰিব পাৰে। পিয়াঁজৰ পাতল টুকুৰা কাটি লওক। এতিয়া এনেটুকুৰা (শ্লাইচ্‌), আক্রান্ত নখটোৰ ওপৰত একেৰাহে ২০ মিনিট সময় ৰাখক। তাৰপাচত নখটো ধুই পেলাব।

Leave A Reply

Your email address will not be published.