Breaking

মাজুলীৰ দৰিয়া গাঁৱত এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ অস্বাস্থ্যকৰ পৰিৱেশে সৃষ্টি কৰিছে সামাজিক ভাবুকি

0 1,151

উজনি-মাজুলী : বৰ্তমান কৰ’ণাই সমগ্ৰ বিশ্বতে এক আতংকৰ সৃষ্টি কৰিছে। এই আতংকৰ বিৰুদ্ধে যি সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহামাৰী কৰ’ণাক সমগ্ৰ ৰাজ্যতে প্ৰতিহত কৰি জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ দিনে-ৰাতিয়ে কষ্ট কৰিছে, সেই সময়তে মাজুলী দৰিয়া গাঁৱৰ ‘আতিথ্য হোম ষ্টে’ নামৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ চৌপাশৰ অস্বাস্থ্যকৰ পৰিৱেশে এখন বিপৰীত ছবিহে যেন দাঙি ধৰিছে। কেন্দ্ৰটোত বিশেষ নিৰীক্ষণত থকা কভিড-১৯ত আক্ৰান্ত ৰোগীসকলে খাদ্যগ্ৰহণৰ পিছত পেলনীয়া সামগ্ৰী তথা আবৰ্জনাসমূহ নিষ্কাষণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা কৰি নিদিয়াৰ বাবে উক্ত পেলনীয়া সামগ্ৰীসমূহ মুকলিভাৱে য’তে-ত’তে পেলোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। গৰু, ছাগলী, কুকুৰ, বান্দৰ আদি জীৱ-জন্তুৱে মুক্তভাৱে পেলোৱা আৱৰ্জনাসমূহ কঢ়িয়াই ফুৰাৰ লগতে ভক্ষণ কৰাৰ বাবে পশুকুললৈ বিপদ চাপি অহাৰ লগতে অঞ্চলটোলৈ সামূহিক সংক্ৰমণৰ ভাবুকি আহিছে। বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা আৰু দুৰ্বলতাৰ বাবে এইদৰে পৰিৱেশটো বিনষ্ট হৈছে বুলি ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। তেওঁলোকে অত্যন্ত সংশয়ৰে জনাইছে যে যদি এই কদৰ্য পৰিৱেশৰ অৱসান নঘটে তেন্তে ইয়াৰ পৰাই সমগ্ৰ অঞ্চলটো কৰ’ণাৰ সংক্ৰমণত ৰোগগ্ৰস্ত হ’ব। উল্লেখ্য যে কিছুদিনৰ আগতে মাজুলীৰ এই ‘আতিথ্য হোম ষ্টে’ত দুজনকৈ কভিড ১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল। ভুক্তভোগী অঞ্চলবাসীয়ে ইয়াৰ জৰিয়তেই মাজুলী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক উক্ত অঞ্চলটো চেনিটাইজ কৰাৰ লগতে সামগ্ৰিক পৰিৱেশটো অধিক বিনষ্ট নোহোৱাৰ বাবে জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। 

Leave A Reply

Your email address will not be published.