Breaking

কুলহাটী ৰাইজৰ শতবাৰ্ষিকী শ্ৰী শ্ৰী দূৰ্গা পূজা উপলক্ষে “সমাজ গঠনত নাৰীৰ ভূমিকা” এক আলোচনা চক্ৰ সম্পন্ন

0 572

দূৰ্গতিনাশিনী শক্তিৰ অধিস্তাত্ৰী দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ তীৰ্থনগৰী হাজোৰ কুলহাটী ৰাইজৰ উদ্যোগত এইবেলি শতবৰ্ষ গৰকা সাৰ্ব্বজনীন দুৰ্গা পূজাভাগ বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। সমান্তৰালভাৱে আজি দেৱীৰ তৃতীয়া বিহিত পূজাভাগৰ লগতে শতবাৰ্ষিকী শ্ৰী শ্ৰী দূৰ্গা পূজা উপলক্ষে “সমাজ গঠনত নাৰীৰ ভূমিকা” এক আলোচনা চক্ৰ সম্পণ্ণ হ’য়। আলোচনা ভাগত বৰ্তমানৰ সমাজ ব্যৱস্থাত নাৰীৰ ভূমিকা গঠনত লৱলগীয়া দিশসমূহৰ ওপৰত এক গঠনমূলক আলোকপাত কৰা হ’য় বুলি উল্লেখ কৰে শতবাৰ্ষিকী দূৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি গোবিন্দ ভৰালীয়ে।

শীৰ্ষক অনুষ্ঠানত হাজো ৰাজহ চক্ৰ বিষয়া জাহ্নৱী সোনোৱাল,হাজো খণ্ড উণ্ণয়ন বিষয়া নন্দিতা চহৰীয়া,কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভানেত্ৰী পদুমী দাস,বিশিষ্ট লেখিকা ডা° নন্দিতা দেৱী,শিক্ষক ড° বিপুল কুমাৰ দাস,পূজা পৰিচালনা সমিতিৰ সভাপতি গোবিন্দ ভৰালীকে প্ৰমূখ্যে কুলহাটী গাওঁৰ প্ৰায় শতাধিক মহিলাই অংশগ্ৰহন কৰে।

Leave A Reply

Your email address will not be published.