বান আহে বাৰে বাৰে…

✍️অংশুমান ভূঞা

অসম এখন সুজলা সুফলা, শস্য শ্যামলা, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদতো চহকী ৰাজ্য। তথাপি কিন্তু এই ৰাজ্যখনৰ সমস্যাৰ আদি-অন্তই নাই। এইবাৰ আকৌ নতুন শত্ৰু কৰ’নাই অথাই সাগৰত পেলাই ৰাজহাঁ‌ড় বেঁ‌কা কৰি পেলাইছে। তাৰ লগে লগে প্ৰতিবছৰে অহাৰ দৰে এইবাৰো বানে সংহাৰী ৰূপ ধাৰণ কৰি ৰাইজৰ আলাই-আথানিৰ আদি-অন্ত নোহোৱা কৰিছে। প্ৰতি বছৰেই অসমবাসী এই যমৰ-যাতনাৰ মুখামুখি হৈ আহিছে। ঘৰ-বাৰী, খেতি-পথাৰ সকলো ধ্বংস কৰাৰ লগতে প্ৰতিবছৰৰ সংহাৰী বানত বনৰীয়া-ঘৰচীয়া জীৱ-জন্তুৰ উপৰিও মানুহৰো প্ৰাণহানি হৈ আহিছে। কৃষিনিৰ্ভৰ ৰাজ্যখনত বছৰি ক’ত কৃষি মাটি নৈৰ বুকুত জাহ গৈছে নাইবা কৃষিৰ অনুপযোগী হৈ পৰিছে। নদীয়ে যেনেদৰে অসম ভূমিক প্ৰাণ দিছে, ঠিক তেনেদৰে প্ৰাণ কাঢ়িও আছে। খৰালি শান্ত-শিষ্ট আৰু বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা লুইতক নিয়ন্ত্ৰণ কৰি ইয়াৰ শকতিৰে ৰাজ্যখনক উন্নয়নৰ দিশলৈ আগুৱাই লৈ যোৱাৰ ভালেমান থল আছিল যদিও অসমৰ এই গুৰুতৰ সমস্যাটোৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো গুৰুত্ব নাই। ভাৰত ৰাষ্ট্ৰৰ সকলো সমস্যাৰ বোজা অসম ৰাজ্যৰ ওপৰত পৰে যদিও ৰাজ্যখনৰ সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাব চিৰকলীয়া। এতিয়াও চীনা আগ্ৰাসনত সন্ত্ৰস্ত হৈ ব্ৰহ্মপুত্ৰৰ বুকুভেদি সুৰংগ নিৰ্মাণৰ আঁ‌চনি লোৱা হৈছে যদিও অতদিন ৰাইজৰ দুখত পৰিণত হোৱা লুইতক সম্পদৰূপত গঢ় দিবলৈ কোনো সদিচ্ছা নেদেখুৱালে। হাজাৰ কাকূতি-মিনতি কৰাৰ পাছতো আজিলৈকে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ৰূপেই ঘোষিত নহ’ল। নিয়মমাফিক কেতিয়াবা সময় পালে হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাই দুখৰ সমভাগী হৈ ঘঁ‌ৰিয়ালৰ চকুপানী টোকে আৰু ক্ষয়-ক্ষতিৰ তুলনাত নামমাত্ৰ আৰ্থিক সাহায্যৰে নিচুকায়। অন্য ৰাজ্যৰ ক্ষেত্ৰত দৌৰ মাৰি যাবলৈ সময় পোৱাৰ লগতে সাহায্যৰ পেকেজো ডাঙৰ হয়। ৰাজ্যিক পৰ্যায়তো সেই একেই আওকণীয়া মনোভাব। বিগত সময়ছোৱাত কেইবাটাও ৰাজনৈতিক দলে শাসনৰ গাদীত বহিলে যদিও কোনো এটা দলেই সমস্যাটোৰ ফলপ্ৰসূ সমাধানৰ ক্ষেত্ৰত আন্তৰিকতাৰে দিহা নকৰিলে। ফলত সমস্যা হৈয়েই ৰৈছে, বৰঞ্চ আগতকৈ ই বেছি ভয়াবহহে হৈ গৈ আছে। প্ৰতি বছৰৰ বানে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোত ৰামটাঙোন শোধাই আহিছে। ৰাজনৈতিক দলবোৰৰ বাবে ই এক শক্তিশালী ৰাজনৈতিক হাথিয়াৰ হৈ আহিছে। প্ৰতি নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ সুৱদি সুৰীয়া ভাষণে চৌদিশ ৰজনজনাই যায় যদিও সময়ত সেই একেই যমৰ-যাতনা। ৰাজনৈতিক পাশাখেলত কৃষিজীৱী-শ্ৰমজীৱী সাধাৰণ জনতাৰ সপোন-জীৱন বন্দী হৈ ৰয়। এনে অসহনীয় দুখ-দুৰ্দশা দেখিও নেতাগণৰ গাৰ নোম নলৰে। বান অহাৰ পাছতেই পৰৱৰ্তী বৰ্ষৰ বাবে ভালেমান চমকপ্ৰদ আঁ‌চনি ঘোষণা কৰা হয় যদিও খৰালিটো বিভাগবোৰ শুই থাকি বাৰিষাৰ আগমুহূৰ্তত খদমদম লগায়। মাজে মাজে আকৌ বিদেশ ভ্ৰমণ কৰি অহা নেতাৰ মুখত শুনা যায় বিদেশৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বানপানী ৰোধৰ কথা। কিন্তু সময়ত সকলো ফুটুকাৰ ফেন। তাৰ পৰিৱৰ্তে বাস্তৱত দেখিবলৈ পালো ‘নমামি’ উৎসৱৰ। পূজা-পাতলেৰে নদী কি নিয়ন্ত্ৰণ কৰিলে ৰাইজে নিজ চকুৰে দেখিলেই। ৰাইজৰ কোটি কোটি টকাৰ শৰাধ ঘটিল। সেই টকাখিনি যদি সততাৰে ৰাইজৰ কামত খটুৱালেহেঁ‌তেন, অন্ততঃ কিছু ৰাইজে সকাহ পালেহেঁ‌তেন। তাৰ মাজতে যিখিনি কাম হয় তাতো দুৰ্নীতিৰ হাতোৰা, বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ। ফলত পানী বাঢ়িলেই প্ৰতিবাৰে বান্ধ, মথাউৰি সকলো ভাঙি-ছিঙি যায়। এনেদৰে প্ৰতি বছৰে ৰাইজৰ কষ্টৰ টকাবোৰ অথলেহে গৈ আছে। এচামৰ বাবে বানপানী খীৰতী গাইত পৰিণত হৈছে বাবেই এই অৱহেলা। এই দুৰ্নীতিৰ হাতোৰা ওপৰ মহলালৈ বিয়পি থাকে বাবেই দোষীৰ শাস্তিৰো উম-ঘাম পোৱা নাযায়। এইবাৰ সংশ্লিষ্ট বিভাগ, চৰকাৰে কৰ’না আৰু লকডাউনক বান নিয়ন্ত্ৰণত বাধাস্বৰূপে দেখা দিয়া বুলি গা সাৰিব খুজিছে। তেনে পলায়নবাদী মনোভাবৰ পৰিৱৰ্তে এই সমস্যাটিৰ এক স্থায়ী সমাধানৰ বাবে আন্তৰিকতা দেখাওক। পৰিকল্পনাহীন পাল মৰা কাম আৰু ঘঁ‌ৰিয়ালৰ চকুপানীয়ে ৰাজ্যখন বচাব নোৱাৰে, ডুবাবহে।    

Related Articles