আজি নৱৰাত্ৰীৰ সপ্তমটো দিন ।
নৱদূৰ্গাৰ আজিৰ দিনটোত দূৰ্গাৰ “কালৰাত্ৰী” ৰ স্বৰূপৰ আৰাধনা কৰা হয়।
দেৱী কালৰাত্ৰী দেখাত অত্যন্ত ভয়ংকৰী।
কালনাশিনী মা কালৰাত্ৰীৰ আৰাধনা অতি শুভফল প্ৰদানকাৰী সেয়ে মাৰ আন এটা নাম – শুভংকাৰী।
দুষ্ট দানৱ, ভূতপ্ৰেত, অসুৰ, অশুভ শক্তি মাৰ স্মৰণ মাত্ৰই দূৰ হয় বুলি বিশ্বাস।