অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীত যোৱা বুধবাৰৰ দিনা গুৰুজয়ন্তী উপলক্ষে বৰগীত পৰিবেশন কৰি থকা অৱস্থাত আকস্মিক ভাৱে অসুস্থ হৈ মৃত্যুক আকোঁৱালি লোৱা উদীয়মান কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ আত্মাৰ সদগতিৰ, শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত শিল্পী গৰাকী প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক অনুষ্ঠানত অনুষ্ঠিত কৰে। চেলেংহাট প্ৰেছ ক্লাবৰ সভাপতি মদন মোহন পাগবন্ধাই আঁত ধৰা অনুষ্ঠানত চৌধ্য গচি বন্তি প্ৰজ্বলন কৰা হয়। প্ৰাক্তন ছাত্ৰনেতা প্ৰান্ত শইকীয়াই বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে।
ইয়াৰ পিছত চেলেংহাট প্ৰেছ ক্লাবৰ উপদেষ্টা তুষাৰ পালৰ ওপৰিও নৰেশ পাইক, পবিত্ৰ গগৈ, বীৰেশ কৰ্মকাৰ, যগেশ্বৰ প্ৰসাদ, ৰাজু চক্ৰৱৰ্তী, চেলেংহাট প্ৰেছ ক্লাৱৰ সম্পাদক অনুৰাগ শইকীয়া, সদস্য দেৱবিকাশ দত্তকে প্ৰমূখ্যে ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰে।