আজি বিশ্ব হাঁহি দিৱস।হাঁহি থাকক, সুখত থাকক… ৭ অক্টোবৰতো আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক।প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম শুকুৰবাৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয়। ২০০১ চনত হাৰ্ভিৰ মৃত্যুৰ পিছত তেওঁৰ নাম আৰু স্মৃতিক সন্মান জনাই হাৰ্ভি বল ৱৰ্ল্ড স্মাইল ফাউণ্ডেশ্যন গঠন কৰা হয়।প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম শুকুৰবাৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয়। এইবাৰ দিনটো পৰে ৭ অক্টোবৰত, অৰ্থাৎ আজি। এই দিৱস প্ৰতিষ্ঠা কৰিছিল মেছাচুচেটছৰ ৱৰ্চেষ্টাৰৰ আমেৰিকান বাণিজ্যিক শিল্পী হাৰ্ভি বলে। ১৯৬৩ চনত তেওঁ বিখ্যাত হাঁহিমুখীয়া মুখখন সৃষ্টি কৰিছিল।হাৰ্ভি বলে তেওঁৰ প্ৰতীকটোৰ অতিমাত্ৰা বাণিজ্যিকীকৰণক লৈ চিন্তিত আছিল আৰু ইয়াৰ ফলত তেওঁৰ সৃষ্টিৰ প্ৰভাৱ কম হ’ব বুলি চিন্তিত আছিল। গতিকে, সেই চিন্তাৰ পৰাই তেওঁ বিশ্ব হাঁহি দিৱস সৃষ্টি কৰাৰ ধাৰণা লৈ আহিছিল। এই উদযাপনে সমগ্ৰ বিশ্বতে হাঁহি আৰু দয়ালু কাৰ্য্যৰ বাবে গোটেই দিনটো উৎসৰ্গা কৰে। হাঁহিমুখে নাজানে কোনো ৰাজনীতি, ভূগোল, ধৰ্ম। ১৯৯৯ চনত প্ৰথম বিশ্ব হাঁহি দিৱস স্মৰণ কৰা হৈছিল।
তাৎপৰ্য্য:
২০০১ চনত হাৰ্ভিৰ মৃত্যুৰ পিছত তেওঁৰ নাম আৰু স্মৃতিক সন্মান জনাই হাৰ্ভি বল ৱৰ্ল্ড স্মাইল ফাউণ্ডেশ্যন গঠন কৰা হয়। প্ৰতি বছৰে বিশ্ব হাঁহি দিৱসৰ আনুষ্ঠানিক পৃষ্ঠপোষক হিচাপে অব্যাহত আছে এই ফাউণ্ডেশ্যন।
এটা সাধাৰণ হাঁহি আৰু এটা দয়াৰ কাৰ্য্যই এটা পৰিস্থিতি ইতিবাচকভাৱে সলনি কৰিব পাৰে। হাঁহিলে কেৱল নিজকে উন্নীত কৰাই নহয়, চৌপাশৰ আনসকলকো উন্নীত কৰে।
বিষয়বস্তু:
২০২২ চনৰ বিশ্ব হাঁহি দিৱসৰ বিষয়বস্তু হ’ল ‘এটা দয়াৰ কাম কৰক আৰু এজন ব্যক্তিক হাঁহিবলৈ সহায় কৰক!’ কাৰোবাৰ দয়াৰ কাৰ্য্যৰে কাৰোবাক হাঁহিবলৈ দিয়াৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে, আৰু তাৰ পিছত তেওঁ/তাই ছ’চিয়েল মিডিয়াত #worldsmilebout আৰু #worldsmiledaychallenge হেচটেগ ব্যৱহাৰ কৰি সেই বিষয়ে বিশ্ববাসীক ক’ব পাৰে।
শেষত বিশ্ব হাঁহি দিৱসৰ শুভেচ্ছা থাকিল।উষ্ণ হাঁহি এটাৰ বাবে কোনো ভাষাৰ প্ৰয়োজন নাই যিহেতু ই দয়াৰ ভাষা। বিশ্ব হাঁহি দিৱসৰ শুভেচ্ছা থাকিল।হাঁহিব, কাৰণ কোনোবাই আপোনাক চাই আছে আৰু আপোনাৰ পৰা অনুপ্ৰাণিত হৈ আছে, সদায় হাঁহি থাকিব।