আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস…

সকলোৱেই কয় “মানুহক মানুহ লাগে” কিন্ত কেনেকুৱা মানুহ লাগে ? কেতিয়া লাগে ?

আমি সোধা “কেনে আছা”ৰ বিপৰীতে পোৱাৰ প্ৰতিটো “ভালে আছো” য়েই যে সচাঁ নহয়, এইটো বুজি পোৱা মানুহ লাগে ।

কথাবোৰ কেতিয়াবা মুখেৰে কৈ নিদিলেও অনুমান কৰি ল’ব পৰা মানুহৰ প্ৰয়োজন সকলোৱেই অনুভৱ কৰে ।

মানুহ মানুহৰ বাবে হওঁক, সকলোৱেই “ভালে আছো”টো সচাঁকৈ ভালে থাকি ক’ব পৰা হওঁক ।

লেখক : আফ্ৰিদুল

Related Articles