‘আৱাহন থিয়েটাৰ’ত ‘লভিতা’ৰ বিকৃত মঞ্চায়ন বন্ধৰ দাবীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক স্মাৰক পত্ৰ সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ

ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবৰ্ষত অসমৰ এক আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘আৱাহন থিয়েটাৰ’ৰ মঞ্চত মঞ্চস্থ হৈ থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকখনৰ এক বিকৃত উপস্থাপনক অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক স্মাৰকপত্ৰ প্ৰদান কৰে সাংস্কৃতিক সাংবাদিক সন্থা, অসম’এ। শুকুৰবাৰে দিশপুৰস্থিত মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত সন্থা’ৰ হৈ সম্পাদক শিবাণু বৰা, কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ বৰা আৰু সাংগঠনিক সম্পাদক হেমন্ত শৰ্মাই প্ৰাতঃস্মৰণীয় পুৰোধা ‘ৰূপকোঁৱৰ’ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূল নাটকখনৰ পৰিৱৰ্তে অভিজিত ভট্টাচাৰ্য্য নামৰ জনৈক ‘নাট্যকাৰ’ৰ দ্বাৰা নাটকখনৰ মৌলিকতাত হাত দি চূড়ান্ত স্পৰ্ধাৰে বিকৃতভাৱে উপস্থাপন কৰি থকা বিষয়টোক অতি কঠোৰভাবে ল’বলৈ স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনায়।

Related Articles