Breaking

দিনে দিনে বৃদ্ধি পাইছে ডেংগু । সজাগ হওক আতংকিত নহ’ব…

0 216

শেহতীয়াভাৱে অসমৰ বিভিন্ন ঠাইত পুনৰ ডেংগু জ্বৰে আতংকৰ সৃষ্টি কৰিছে।ডেংগু জ্বৰ এবিধ ভাইৰাছ (ফ্লেবিভাইৰাছ-Flavivirus)ৰ দ্বাৰা হয়।বিশেষকৈ গ্ৰীষ্মকালত যেতিয়া মহৰ সংখ্যা বৃদ্ধি হয় তেতিয়া ইয়াৰ আক্ৰমণ অধিক হয়।এডিচ প্ৰজাতিৰ মহৰদ্বাৰা ডেংগু জ্বৰ বিয়পে।অসমত এই প্ৰজাতিৰ মহ প্ৰচুৰ আছে।ভাৰতৰ জাতীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসুচী (NVBDCP-National Vector Born Disease Controll Programm )ৰ তথ্যমতে ২০১৬ বৰ্ষত দেশত ১,১১,৮৮০ গৰাকী লোক ডেংগু ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছিল আৰু তাৰে ভিতৰত ২২৭ গৰাকীয়ে মৃত্যুবৰণ কৰিছিল।

ভাইৰাছ কঢ়িওৱা এডিচ মহৰ কামোৰৰদ্বাৰা শৰীৰত ভাইৰাছবিধ প্ৰৱেশ কৰাৰ পাঁচ-ছদিন পিছত অসুখৰ লক্ষণ লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰে।জ্বৰ উঠাৰ দুদিন আগৰ পৰা গা আৰু মুৰৰ বিষ হয়।সময়ত তীব্ৰ জ্বৰ উঠে আৰু পিঠি,মাংসপেশী,গাঁঠি আৰু মুৰৰ বিষ হয়।তিনি-চাৰি দিনৰ পিছত চতুৰ্থ বা পঞ্চম দিনা জ্বৰ কিছু শাম কাটি পুনৰ উঠে।সচৰাচৰ সাত আঠ দিনৰ মুৰত জ্বৰ এৰে।চকু ৰঙা পৰে আৰু বিষায়।চকুৰ ভিতৰত বা পাছফালে বিষোৱা যেন লাগে।চকুৰে পানী ওলাই থাকে।ভোক নলগা হয়,বমি ভাৱ হয় তথা বমি হয়।ৰোগী মানসিকভাৱে দুৰ্বল আৰু হতাশ হৈ পৰে।বুকুৰ ঢপঢপনি কম হয়।ক্ৰমান্বয়ে শৰীৰত সৰু-ডাঙৰ ৰঙা ৰঙা দাগ পৰে।আৰম্ভণিতে সেইবোৰ ঘামচি বা আই বুলি ভাব হ’ব পাৰে।ভৰি আৰু হাতৰ তলুৱাত আৰম্ভ হৈ ৰঙা দাগ বোৰ ক্ৰমে গা অংশলৈ বিয়পি পৰে।জটিলতাৰ সৃষ্টি নহ’লে আক্ৰান্ত ব্যক্তি লাহে লাহে আৰোগ্যৰ ফালে আগবাঢ়ে।

কিছুসংখ্যক আক্ৰান্ত লোকৰ জ্বৰ উঠাৰ তিনি-চাৰি দিনৰ পিছত ৰোগে জটিল ৰুপ ধৰি দাঁতৰ গুৰি,নাক,মুখ আদিৰ পৰা নিজে নিজে তেজ ওলাবলৈ ধৰে।ৰক্তক্ষৰণ ৰোধ প্ৰক্ৰিয়াত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰা অনুচক্ৰিকা (Platelet)সমুহ ডেংগু ভাইৰাছে ধ্বংস কৰে বাবে এনে হয়।খাদ্যনলীৰ ভিতৰত হোৱা ৰক্তক্ষৰণৰ বাবে ক’লা বা মটীয়া শৌচ হ’ব পাৰে।মহিলাৰ জননেন্দ্ৰিয়ৰে ৰক্তক্ষৰণ হ’ব পাৰে।এনেধৰণৰ ৰক্তক্ষৰণে মুৰকত ৰক্ত সঞ্চাৰণ ব্যৱস্থাৰ তাৎক্ষণিক বিকলতাৰ সৃষ্টি কৰিব পাৰে।ভাইৰাছৰ প্ৰতি উদ্ভুত উচ্চ সংবেদনশীলতাৰ ফলত শৰীৰৰ কম্পলীমেণ্ট (Complement)প্ৰণালী সক্ৰিয় হৈ ৰক্তবাহী নলীসমুহৰ বেৰৰ অনিষ্ট সাধিব পাৰে।প্ৰতিৰোধমুলকভাৱে তেজৰ গোট মৰা প্ৰণালী সক্ৰিয় হ’ব ধৰাৰ ফলত ৰক্তবাহী নলীসমুহৰ ভিতৰতে তেজ অ’ত-ত’ত গোট মৰিব ধৰি (DIC-Disseminated Intravuseular Coagulation)জটিলতা অধিক বৃদ্ধি কৰিব পাৰে।ডেংগু জ্বৰৰ এইধৰণৰ জটিল স্তৰক “ৰক্তক্ষৰী ডেংগু জ্বৰ’(DHF-Dengue Haemorhagic Fever)বুলি কোৱা হয়।উপলব্ধ উন্নত চিকিৎসাৰ পিছতো  DHF ত আক্ৰান্ত দহ শতাংশ ৰোগীৰ মৃত্যু হয়।

ডেংগু জ্বৰৰ চিকিৎসাৰ মুল প্ৰত্যাহ্বান হ’ল এই ফ্লেৱিভাইৰাছ ধ্বংস কৰিব পৰা কোনো ঔষধ আজিৰ তাৰিখত উপলব্ধ নহয়।সেয়ে ভাইৰাছবিধ নিজে ধ্বংস হোৱালৈ বা শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতাই তাক ধ্বংস নকৰালৈকে আক্ৰান্ত ব্যক্তিগৰাকীক সবল ৰুপত ৰখাতেই ইয়াৰ চিকিৎসা সীমাবদ্ধ।ডেংগুৰ আংশকা হ’লেই সেয়ে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে তেজ পৰীক্ষা কৰাব লাগে।পৰীক্ষাত তেজত ডেংগু ভাইৰাছৰ অৱস্থিতি প্ৰমাণিত হ’লে চিকিৎসকৰ পৰামৰ্শ মৰ্মে পিছৰ পৰ্যায়ৰ পৰীক্ষাসমুহ (যেনে-তেজত অনুচক্ৰিকাৰ পৰিমাণ-গণনা –platelet Count)কৰোৱাত পলম কৰিব নালাগে।অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমুহত বিনামুলীয়াকৈ ডেংগু জ্বৰৰ বাবে তেজ পৰীক্ষা কৰাব পৰা যায়।চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ সেৱন কৰিব নালাগে।

যথোচিত পৰিচৰ্যা ডেংগু ভাইৰাছ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ মুলমন্ত্ৰ।বেছিভাগ ডেংগু আক্ৰান্তৰে এইখিনি পৰিচৰ্যা ঘৰতে কৰিব পাৰি।কমসংখ্যকৰহে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন থাকে।এইখিনি কথা নুবুজা বাবে বা অযথা আতংকৰ বাবে বহু লোক অনাহকত খৰচস্বান্ত হোৱা দেখা যায়।চিকিৎসকৰ পৰামৰ্শ মতে ঘৰত ৰাখি পৰিচৰ্যাৰ সময়ত ৰোগীগৰাকীক অনবৰতে আঁঠুৱাৰে আবৰি ৰাখিলে ভাল,যাতে তেওঁক কামুৰি মহে ৰোগ অইনৰ গালৈ অধিক বিয়পাব নোৱাৰে।জিৰণিৰ একান্ত প্ৰয়োজন।খাবলৈ সহজে হজম হোৱা আহাৰ,ফল-মুল আৰু প্ৰচুৰ পৰিমাণে জুলীয়া খাদ্য তথা পানী দিব লাগে।অ’ আৰ এছ ,নাৰিকলৰ পানী,খাদ্যপ্ৰাণ ‘গ’ যুক্ত আহাৰ,যেনে-আমলখি,কমলা,নেমু আদি সৰহকৈ দিব লাগে।অমিতা পাত বা ফলৰ ডেংগু প্ৰতিৰোধী গুণ আছে বুলি কিছুসংখ্যকে মত পোষণ কৰিছে।চিকিৎসকৰ সৈতে সততে যোগাযোগ ৰশা কৰিব লাগে আৰু পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট বিৰতিত তেজৰ অনুচক্ৰিকাৰ সংখ্যা গণনা (Platelet Count)পৰীক্ষা কৰাব লাগে।

ডেংগু জ্বৰ প্ৰতিৰোধত অধিক গুৰুত্ব দিয়া হয় যিহেতু ইয়াৰ প্ৰত্যক্ষ চিকিৎসা আজিৰ তাৰিখত সম্ভৱ নহয়।প্ৰতিৰোধৰ বাবে ইয়াৰ বাহক মহবিধক নিয়ন্ত্ৰণ কৰিব লাগিব।মহ নিয়ন্ত্ৰণৰ বাবে উপলব্ধ সকলো যতন বা বুধিয়েই প্ৰয়োগ কৰিব লাগে।এডিছ মহে কণী পাৰি বংশবৃদ্ধি যাতে কৰিব নোৱাৰে,তাৰ বাবে ঘৰৰ চৌহদ,পথৰ দাঁতি,চুবুৰি বা এলেকাটোৰ ক’তোৱেই মুকলি পাত্ৰ টায়াৰ,নাৰিকলৰ খোলা,ফুলৰ টাব,ভগা কাপ-প্লেট আদিত পানী জমা হ’ব দিব নালাগে।এডিচ মহে দিনতো কামোৰে।গতিকে দিনত শোৱাৰ সময়তো আঁঠুৱা তৰিব লাগে।চাৰিওকাষৰ পৰিৱেশ পৰিষ্কাৰ আৰু নিকা কৰি ৰাখিব লাগে।শৰীৰ সম্পুৰ্ণকৈ ঢকা পোছাক পৰিধান কৰা ভাল।সন্ধিয়া ধুপ দিয়া পৰম্পৰা অতি বিজ্ঞানসন্মত।

ডেংগু জ্বৰৰ বিষয়ে সজাগ হ’ব লাগে যদিও অনাহকত আতংকগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই।এবাৰ আক্ৰান্ত হোৱাৰ পিছত প্ৰায় ন মাহলৈ ব্যক্তি বিশেষৰ শৰীৰে ডেংগু ভাইৰাছ প্ৰতিৰোধ কৰাৰ সক্ষমতা লাভ কৰে।ডেংগু ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰী ছিটা ইতিমধ্যে আৱিষ্কাৰ হৈছে আৰু যোৱা বছৰ গুৱাটেমালাত প্ৰথম চৰকাৰীভাৱে ব্যৱহাৰ কৰাৰ পিছত এতিয়া বিশ্বৰ এঘাৰখন দেশত ফ্ৰান্সত উৎপাদিত এই ছিটা ব্যৱহাৰ হৈ আছে।বিশ্ব স্বাস্থ্য সংস্থাই সেউজ সংকেত দিছে যদিও আমাৰ দেশত এতিয়ালৈকে এই ছিটা ব্যৱহাৰ হোৱা নাই।ভাৰতৰ স্থানীয় পাৰিপাৰ্শ্বিকতা তথা ভাইৰেল জেনেটিক্সৰ সৈতে মিলা ডেংগু প্ৰতিৰোধী ছিটা স্থানীয়ভাৱে উৎপাদনৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু ই যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

লেখক:ডা:ৰমেন কুমাৰ কাকতি 

Leave A Reply

Your email address will not be published.