সাধাৰণতে মে আৰু জুনমাহত সূৰ্যৰ প্ৰখৰতাৰ হেতু অত্যাধিক গৰম পৰে। অসমৰ জলবায়ুত আদ্ৰতা বেছি কাৰণে ঘাম বেছিকৈ ওলায়। ঘামৰ লগত বাহিৰ হয় শৰীৰৰ নিমখ বা চডিয়াম ক্লৰাইড। সেইকাৰণে হাত-ভৰি, শৰীৰৰ মাংসপেশী সিৰামূৰিয়াই ধৰে, গা কপে, গা বিষাই , পিয়াহ লাগে আৰু মূৰ ঘূৰায়।
এই সময়ত পানী বেছিকৈ খাব লাগে আৰু দিনটোত কেইগিলাচমান পানীত নিমখ মিহলাই খালে এই লক্ষণ নোহোৱা হয়। গৰমৰ দিনত উচ্চ ৰক্তচাপ থকা ব্যক্তিয়েও নিমখীয়া পানী খাব লাগে , ইয়াৰ দ্বাৰা কিন্তু ৰক্তচাপ নাবাঢ়ে। তাৰোপৰি শৰীৰত জলশূণ্যতা নহবৰ বাবে তেতেলি চৰ্পত, নেমুচৰ্পত , ভীমকলৰ চৰ্পত, মিচিৰি পানী, কুঁহিয়াৰ ৰস, ডাবনাৰিকলৰ পানী প্ৰচুৰ পৰিমাণে খাব লাগে। ৰদৰ পৰা আহি ফ্ৰীজৰ পানী বা বেছি ঠাণ্ডা পানী খাব নালাগে। ভৰি ঠাণ্ডা পানীৰে ধুই অলপ সময় জিৰণি লৈহে পানী খাব লাগে।
বেছি ঠাণ্ডা পানী বা ফ্ৰীজৰ পানী এই সময়ত খালে জোৰেৰে খাদ্যনলীৰে গতি কৰাৰ ফলত আভ্যন্তৰীণ কোষ্ঠৰ ক্ষতিসাধন কৰে। য়িদৰে এটা গৰম কেৰাহীত ঠাণ্ডা পানী ঢালি দিলে কেৰাহীটো ফাটি যায় অথচ নিজে নিজে ঠাণ্ডা হলে নাফাটে। শীতল পানীয় অথবা কল্ড ড্ৰিঙ্কচৃ পৰাপক্ষত নোখোৱাই ভাল। কল্ড ড্ৰিঙ্কচত কাৰ্বন, ব্ৰমিনেটেড ভিজিটেবল অইল , ডি,ডি,টি ইত্যাদি কেন্সাৰ সৃষ্টিকাৰক পদাৰ্থ দিয়া থাকে।
শীতল পানীয়ত আছলতে কোডেইন দিয়া কাৰণে সামান্য নিচা লাগে কাৰণে ঠাণ্ডা অনুভৱ হয় যদিও প্ৰকৃতাৰ্থত শৰীৰ ঠাণ্ডা নহয়। তাৰোপৰি শীতল পানীয়ই দাঁতৰ এনামেল নষ্ট কৰি দন্তক্ষয় কৰে। এটা শীতল পানীয়ৰ বটলত দাঁত এটা এমাহ ৰাখিলেই দাঁতটো গলি নোহোৱা হয়। এতিয়া চিন্তা কৰি চাওক, ই কিমান ক্ষতিকাৰক।
উল্লেখযোগ্য য়ে অসমীয়া মানুহে পানী নাখায়। এই কেইদিন শৰীৰৰ জলশূণ্যতা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে যদিও প্ৰশ্ন কৰি জানিব পাৰিছো যে প্ৰায় ৮০% ৰোগীয়ে দিনটোত মাত্ৰ আধা লিটাৰমানহে পানী খায়। গতিকে অসমীয়া সকলৰ কিডনী ৰোগ হোৱাৰ ইয়ো এটা প্ৰধান কাৰণ।
লেখক: ডা:মনোজ কুমাৰ শইকীয়া