Breaking

ডিব্ৰুগড় জিলাৰ বিভিন্ন খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 75

অসমৰ বান, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে আৰু ক্ষিপ্ৰতাৰে কাম কৰি আছে: সোণোৱাল

গুঁইজানৰ পৰা মাইজানলৈ খহনীয়া প্ৰতিৰোধী প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ উঠিব

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গৃহজিলা ডিব্ৰুগড়ৰ পুখুৰীজান, বালিজান, বিন্ধাকটা বৰনামঘৰস্থলী, গেৰেকী নেপালী আদি বিভিন্ন খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰকে ধৰি ডিব্রু নৈৰ খহনীয়াত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলসমূহত কৃষিভূমিকে ধৰি অন্যান্য ক্ষয়-ক্ষতি সাধন হৈছে। সোণোৱালে অঞ্চলসমূহত উপস্থিত হৈ স্থানীয় ৰাইজ তথা সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে বাৰ্তালাপ কৰি খহনীয়া অৱস্থাৰ বুজ লয় আৰু লগতে ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে। সংশ্লিষ্ট বিভাগে অঞ্চলকেইটাত ক্ষিপ্ৰতাৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা হাতত লৈছে বুলি সোণোৱালে উল্লেখ কৰে আৰু এইক্ষেত্ৰত ৰাইজৰ হিতৰ বাবে যাৱতীয় সকলো ব্যৱস্থা পুংখানুপুংখভাৱে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক তেওঁ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি নাৱেৰেও খহনীয়া পৰিদৰ্শন কৰে।

“অসমৰ বান, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে, ক্ষিপ্ৰতাৰে আৰু আন্তৰিকতাৰে কাম কৰি আছে। খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত সমাধানসূত্ৰ উলিয়াই ইয়াৰ স্থায়ী সমাধানত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। গুঁইজানৰপৰা মাইজানলৈ খহনীয়া প্ৰতিৰোধী প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ উঠিব। ইয়াৰদ্বাৰা ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাৰ নদী কাষৰীয়া জনসাধাৰণে যথেষ্ট সকাহ লাভ কৰিব। তদুপৰি, দিনজান, পুখুৰীজান, গুঁইজান আদি অঞ্চলৰ বান, খহনীয়া অৱস্থাৰ সমাধানৰ দিশত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়েও প্ৰায় ১১০ কোটি টকাৰ আৰ্থিক সহযোগিতা আগবঢ়াইছে।”

এই সময়ছোৱাত তেওঁৰ সৈতে উপস্থিত থাকে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে জিলা উপায়ুক্ত, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া তথা জলসম্পদ বিভাগৰ বিষয়াসকল।

Leave A Reply

Your email address will not be published.