Breaking

মিঞা কোন? মিঞা বুলি ক’ত জাতি আছে?-নুৰুল হুদা

0

‘‘মূল্যবৃদ্ধি, GST, অপশাসনৰ বিষয়বোৰ তল পেলাবলৈ এই কাম কৰিছে৷ মিঞা পৰিষদে ইয়াৰ উত্তৰ দিব লাগিব৷ মই আজিলৈকে মিঞা কোন বুজি নাপালো৷’’-নুৰুল হুদা

মিঞা মিউজিয়ামত আছে কি? অসমৰ জাতি উপ–জাতিয়ে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ তাত ৰাখিছে৷ মুছলমানক ভাগ ভাগ কৰাৰ এয়া এটা ৰাজনৈতিক ষড়যন্ত্ৰ৷ এই ষড়যন্ত্ৰৰ আঁৰত BJP-AIUDF আছে৷ এই মন্তব্য কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই।

হুদাই কয়, ‘‘মূল্যবৃদ্ধি, GST, অপশাসনৰ বিষয়বোৰ তল পেলাবলৈ এই কাম কৰিছে৷ মিঞা পৰিষদে ইয়াৰ উত্তৰ দিব লাগিব৷ মই আজিলৈকে মিঞা কোন বুজি নাপালো৷ ‘মিঞা’ শব্দটো এটা সন্মানজনক শব্দ৷ ‘মিঞা’ বুলি কোনো জনগোষ্ঠী নাই, জাতি নাই৷’’

উল্লেখযোগ্য যে গোৱালপাৰাত লক্ষীপুৰত সদৌ অসম মিঞা পৰিষদে খুলিছিল মিঞা মিউজিয়াম। তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কয় যে মিঞা মিউজিয়াম খোলাসকলে চৰকাৰক উত্তৰ দিব লাগিব।

ইফালে, গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়াম ছীল কৰিলে গোৱালপাৰা জিলা প্ৰশাসনে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত স্থাপন কৰিছিল মিঞা মিউজিয়াম। শিক্ষক এম মোহৰ আলীৰ নামত আছে ঘৰটো। মোহৰ আলী মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি।

Leave A Reply

Your email address will not be published.