Breaking

‘আ’কাৰ ‘ই’কাৰহীন কবিতাপুথি ‘কৰতল কমল’ৰ দ্বিতীয় সংস্কৰণ উন্মোচন

0 172

অভিযন্তা ,কবি , সাহিত্যিক দেৱজিৎ ভূঞাৰ ‘আ’কাৰ , ‘ই’কাৰ , ‘উ’কাৰ বিহীন কবিতাপুথি ‘কৰতল কমল’ৰ দ্বিতীয় সংস্কৰণ আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । পুথিখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বিশিষ্ট সাহিত্যিক ডঃ জগদীশ পাটগিৰিয়ে । গ্রন্থখন উন্মোচন কৰি ডঃ পাটগিৰিয়ে কয়-‘ দেৱজিৎ ভূঞাই অভিনৱ শৈলীৰে কবিতা পুথিখন লিখিছে । কবিতা কেইটাত ধ্বনি ,মাত্ৰা, লয় বিদ্যমান । পুথিখন অন্য কবিতা পুথিত কৈ কিছু পৃথক । পাঠক ৰাইজে পুথিখনত অন্য সোৱাদ বিচাৰি পাব ।’ প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট শিল্পী কমল কটকী । অনুষ্ঠানটোৰ আঁত ধৰে অবিনাশ শৰ্মাই ।

Leave A Reply

Your email address will not be published.