Breaking

পাৰ্থত আজি দক্ষিণ আফ্ৰিকাৰ দ্ৰুত বলাৰৰ সন্মুখত কেনেদৰে মোকাবিলা কৰিব টীম ইণ্ডিয়াই?

0 50

দক্ষিণ আফ্ৰিকাৰ দলটোত আছে বিশ্বৰ দুজন আটাইতকৈ ভয়ংকৰ দ্ৰুত বলাৰ কাগিছ’ ৰাবাডা আৰু এনৰিখ নৰ্টজে, যিয়ে এই দ্ৰুত আৰু বাউন্সি পিটচত ভাৰতীয় বেটছমেনসকলক পৰীক্ষা কৰিব।

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰত আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব। এই খেলখন পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পাৰ্থৰ উইকেটত সদায় দ্রুত বলাৰৰ আধিপত্য দেখা যায়। দক্ষিণ আফ্ৰিকাৰ দলটোত আছে বিশ্বৰ দুজন আটাইতকৈ ভয়ংকৰ দ্ৰুত বলাৰ কাগিছ’ ৰাবাডা আৰু এনৰিখ নৰ্টজে, যিয়ে এই দ্ৰুত আৰু বাউন্সি পিটচত ভাৰতীয় বেটছমেনসকলক পৰীক্ষা কৰিব।

অপ্টাছ ষ্টেডিয়ামৰ খেলপথাৰত যথেষ্ট ঘাঁহ আছে যিটো দ্ৰুত বলাৰৰ বাবে সহায়ক। এই পিটচত ৰাবাডা আৰু নৰ্কিয়াৰ বলে ভাল বাউন্স আৰু ছুইং পাব। এই ষ্টেডিয়ামত এতিয়ালৈকে মুঠ ৫ খন টী-২০ আন্তৰ্জাতিক মেচ খেলা হৈছে য’ত চেজিং দলে তিনিখন মেচত জয়লাভ কৰিছে। চলিত বিশ্বকাপত ইয়াত তিনিখন খেল অনুষ্ঠিত হৈছে। এই সময়ছোৱাত ২৫ টা উইকেট ফাষ্ট বলাৰৰ হাতলৈ গৈছে।

স্পীনাৰৰ হাতত ১৩টা উইকেট
পাৰ্থত অনুষ্ঠিত হোৱা বিগত তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত স্পীন বলাৰসকলে ১৩ টা উইকেট দখল কৰিছে। এই উইকেটত ১৫০ তকৈ অধিক সৰ্বাধিক স্ক’ৰ হ’ব পাৰে। সৰ্বনিম্ন স্ক’ৰৰ কথা ক’বলৈ গ’লে আফগানিস্তানৰ দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১১২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, যিটো ইয়াত নূন্যতম স্ক’ৰ।

ভাৰতীয় বেটছমেনে এই ফৰ্মুলা গ্ৰহণ কৰিব লাগিব
এই উইকেটত কাট আৰু পুল শ্বট মাৰিব পৰা বেটছমেন সফল হ’ব পাৰে। কাৰণ ইয়াত বেগী বলাৰসকলে নিজৰ বলৰ পৰা অধিক বাউন্স পায়, যাৰ ফলত বেটছমেনৰ বাবে বলৰ সন্মুখীন কৰাত অসুবিধা হয়। টীম ইণ্ডিয়াৰ বাবে ভাল কথাটো হ’ল অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱ ভাল প্ৰদৰ্শনত আছে। কিন্তু আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই অ’পেনাৰ কে এল ৰাহুলে। টীম ইণ্ডিয়াৰ ওচৰতো বলিঙত ভাল প্ৰদৰ্শন কৰিব পৰা যুৱ পেচাৰ আৰ্শদীপ সিং আৰু ভুৱনেশ্বৰ কুমাৰৰ সৈতে মহম্মদ শ্বামী আছে।

Leave A Reply

Your email address will not be published.