১,৫০০ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগত কেন্দ্ৰীয়তদন্তকাৰী সংস্থা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে পোছাক কোম্পানীৰ এজন সঞ্চালকক । চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত উক্ত সঞ্চালকক জনে ১,৫৩০ কোটি টকা প্ৰৱঞ্চনাৰে সৰকাই নিয়াৰ অভিযোগ উঠিছে। প্ৰৱঞ্চনাৰ কথা পোহৰলৈ অহাৰ পিছত চিবিআইয়ে লুধিয়ানাস্থিত কাপোৰ নিৰ্মাণ কোম্পানীটোৰ সঞ্চালকক গ্ৰেপ্তাৰ কৰিছে।
লুধিয়ানাস্থিত বস্ত্ৰ নিৰ্মাতা এছইএল টেক্সটাইলৰ সঞ্চালকক গ্ৰেপ্তাৰ কৰাৰৰ পিছতে প্ৰতাৰণাৰ ন ন তথ্য পোহৰলৈ আহিছে। অভিযুক্ত সঞ্চালককজনক নীৰজ চালুজা বুলি চিনাক্ত কৰা হৈছে।
ইয়াৰ পূৰ্বে ২০২০ চনৰ ৬ আগষ্টত চিবিআইয়ে পঞ্জাৱস্থিত কাপোৰ নিৰ্মাণ কোম্পানীৰ কেইবাজনো সঞ্চালকক গ্ৰেপ্তাৰ কৰিছিল। কোম্পানীটোৰ পঞ্জাৱৰ মালৌট, নৱানচহৰ, ৰাজস্থানৰ নেমৰানা আৰু হাৰিয়ানাৰ হাঁচীতো কাৰ্যালয় আৰু কাৰখানা আছে।সেই সময়তো চিবিআই বিষয়াসকলৰ হাতত এই বিষয়ত যথেষ্ট তথ্য আহিছিল। তেতিয়াৰে পৰা এই কাপোৰ নিৰ্মাণ কোম্পানীবোৰৰ সঞ্চালকসকলক নিৰীক্ষণ কৰি আছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। চালুজা সেই পৰিচালকসকলৰ মাজৰে এজন আছিল।চালুজাক মোহালিৰ এখন বিশেষ চিবিআই আদালতত হাজিৰ কৰোৱা হৈছে।
অভিযোগআনুসৰি চালুজা আৰু বাকী অভিযুক্তসকলে ব্যৱসায়ৰ নামত ভাৰতীয় কেন্দ্ৰীয় বেংকৰ পৰা বৃহৎ ঋণ লৈছিল আৰু ইয়াক বিভিন্ন একাউণ্টলৈ প্ৰেৰণ কৰিছিল। অভিযোগ কৰা হৈছে যে কম দামত কেঁচামাল আৰু অংশ ক্ৰয় কৰি বেংকক ভুৱা বিলো দাখিল কৰা হৈছিল। ঋণ পৰিশোধ কৰা হোৱা নাছিল। এইটোও অভিযোগ কৰা হৈছে যে বেংকে বিচাৰিলেও উপাৰ্জন আৰু ব্যয়ৰ হিচাপ প্ৰদান কৰা নাছিল।
চিবিআইৰ মতেতদন্তৰ সময়ত চালুজাই কেন্দ্ৰীয় তদন্তকাৰী বিষয়াসকলৰ সৈতে সহযোগিতা কৰা নাই। চিবিআইৰ বিষয়াসকলে কৈছে যে তেওঁৰ বক্তব্যত বিসংগতি ধৰা পৰিছে।