Breaking

‘আছিক বনায়া আপনে’ৰ তনুশ্ৰীক লৈ চলিছে হত্যাৰ ষড়যন্ত্ৰ! অভিনেত্ৰীগৰাকীয়ে নিজেই কৰিলে প্ৰকাশ  

0 69

হত্যাৰ ষড়যন্ত্ৰ চলিছে তনুশ্ৰী দত্তক লৈ! ‘আছিক বনায়া আপনে’ত ৰূপৰ যাদুৰে অনুৰাগীৰ নয়নৰ মণি হৈ পৰা একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে।

শেহতীয়া এটা সাক্ষাৎকাৰত তনুশ্ৰীয়ে এইদৰে কৈছে। কয় যে তেওঁ নিৰাপত্তাহীনতা, মানসিক অৱসাদৰ ফলত মানসিকভাৱে ভাগি পৰিছে, কিন্তু শেষ হৈ যোৱা নাই।

“যোৱা ডেৰ বছৰত ধৰি মোৰ বিৰুদ্ধে অদ্ভূত ষড়যন্ত্ৰ চলি আছে বলিউডত।”- তনুশ্ৰীয়ে কয়। আনকি ক’লা যাদুও কৰা হৈছে তনুশ্ৰীৰ ওপৰত। এই বিষয়ে তেওঁ এগৰাকী সন্তৰ পৰা জানিব পৰা বুলি কয়।

“তেওঁ কৈছিল যে মহাৰাষ্ট্ৰৰ কেইজনমান তান্ত্ৰিকে মোৰ ওপৰত ক’লা যাদুৰ প্ৰয়োগ কৰি আছে। এই পদ্ধতিটোক মাৰণক্ৰিয়া বুলি কোৱা হয়।”- তনুশ্ৰীয়ে কয়- “যদিও মই ভালকৈ কথাটো বুজা নাই। এই ধৰণৰ কিবাৰ অস্তিত্ব আছে নে নাই, সেয়াও নাজানো।”

“বন্ধুৰ পৰা আৰম্ভ কৰি ঘৰৰ নিৰাপত্তাৰক্ষী, সকলো স্বাৰ্থপৰ। অনাগত দিনোবৰত কি হ’বলৈ গৈছে নাজানো।”- তনুশ্ৰীয়ে কয়- “কিন্তু মই বহুত ভাল পৰিয়ালত ডাঙৰ হৈছো। বেয়া পৰিস্থিতিৰ পৰা কেনেদৰে উলাই আহিব পাৰি মই জানো। মোক শেষ কৰা সহজ নহয়।”

উল্লেখ্য যে এসময়ত কেইবাখনো চিনেমাৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰা তনুশ্ৰীয়ে যোৱা কেইবছৰ ধৰি বলিউডত বিশেষ ব্যস্ত নহয়। তদুপৰি অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধেও যৌন নিগ্ৰহৰ অভিযোগ আনি বিতৰ্কত সোমাই পৰিছিল তনুশ্ৰী।

Leave A Reply

Your email address will not be published.