Breaking

বিয়াত বহিব জনপ্ৰিয় অভিনেত্ৰী হংসিকা ম’টৱানি। ইমানদিনে বিয়াৰ কথা গোপনে ৰখাৰ পাছত এতিয়া হংসিকাই নিজে প্ৰকাশ কৰিছে এই কথা।

0 94

বিয়াত বহিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী হংসিকা মটৱালনি। ইমানদিনে নিজৰ বিয়াৰ কথা গোপনে ৰখাৰ পাছত এতিয়া নিজে এই কথা প্ৰকাশ কৰিছে হংসিকাই।

দৰাৰ নামো জানিব পৰা গৈছে। মুম্বাইৰ ব্যৱসায়ী চোহেইল কাঠুৰিয়াই সৈতে বিয়াত বহিব হংসিকা। জানিব পৰা মতে, ডিচেম্বৰৰ ৪ তাৰিখেই তেওঁলোকৰ বিবাহ অনুষ্ঠিত কৰা হ’ব।

হংসিকা আৰু চোহেইলৰ বিবাহ অনুষ্ঠান হ’ব জয়পুৰৰ মুণ্ডোটা প্ৰসাদে। ২ তাৰিখৰ পৰা আৰম্ভ কৰি ৪ ডিচেম্বৰলৈকে বিবাহ অনুষ্ঠান চলিব।

বিয়াৰ কাৰ্যসূচীও প্ৰকাশ কৰা হৈছে। প্ৰথম দিনা চুফী গানৰ অনুষ্ঠান কৰা হ’ব। লগে লগে মেহেন্দী অনুষ্ঠান, অভ্যাগতক আদৰণি অনুষ্ঠানো চলিব। বিয়াৰ শেষত কেচিনো পাৰ্টি কৰা হ’ব। জানিব পৰা মতে, দীৰ্ঘদিনীয়া সম্পৰ্কৰ পৰিণতিতে তেওঁলোকে বিয়াত বহিছে।

উল্লেখ্য যে বলিউড আৰু দক্ষিণ ভাৰতৰ চিনেমাত অভিনয় কৰি অহা হংসিকাই ইতিমধ্যে চিনেমাপ্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিছে।

Leave A Reply

Your email address will not be published.