Breaking

টি২০ বিশ্বকাপৰ জ্বৰে পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। ৰাজনীতি নহয়, এইবাৰ ক্ৰিকেট বেট লৈ খেলপথাৰত অৱতীৰ্ণ আদিত্যনাথ।

0 60

টি২০ বিশ্বকাপৰ জ্বৰে পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। ৰাজনীতি নহয়, এইবাৰ ক্ৰিকেট বেট লৈ খেলপথাৰত অৱতীৰ্ণ হৈছে যোগী। ইতিমধ্যে যোগীয়ে ক্ৰিকেট খেলাৰ এখন ছৱি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সোমবাৰে লক্ষ্নৈত যোগীয়ে চৰ্দাৰ পেটেল নেচনেল দিব্যাংগ টি২০ কাপৰ উদ্বোধন কৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৭সংখ্যক জন্ম দিৱস উপলক্ষে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

যোগীৰ ইনষ্টাগ্ৰাম পেজত তেওঁ হাতত ক্ৰিকেট বেট লৈ থকা দেখা গৈছে। টুইটাৰতো যোগীয়ে ক্ৰিকেট বেটেৰে বল কোবোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে কেইবাজনো বিষয়াবৰ্গই যোগীক আগুৰি আছে।.

প্ৰতিযোগিতাখন উদ্বোধন কৰি যোগীয়ে কয় যে আধুনিক ভাৰতৰ পুৰোধা ব্যক্তি চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। তেওঁ ক্ৰিকেট প্ৰতিযোগিতাখনত অংশ লোৱা সকলো লোককে শুভকামনা প্ৰদান কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ২০টাকৈ দলে অংশ লৈছে। মুঠ ৪৩খনকৈ মেচ থকা প্ৰতিযোগিতাখনৰ পুৰষ্কাৰ হৈছে ৩০ লাখ টকা। ৭ নৱেম্বৰত ইয়াৰ সামৰণি পৰিব।

Leave A Reply

Your email address will not be published.