Breaking

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ?বিশ্বকাপৰ মাজতে কিয় চৰ্চা হৈছে এই প্ৰশ্নৰ?

0 86

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ? টীম ইণ্ডিয়াৰ দুই যুঁজাৰু শক্তিক ২০২৪ চনৰ টি২০ বিশ্বকাপত দেখা পোৱা নাযাব নেকি? বিশ্বকাপ আৰু নেখেলে নেকি বিৰাট-ৰোহিতে?

বিশ্বকাপ চলি থকাৰ মাজতে এই প্ৰশ্নৰ উদ্ভৱ হৈছে। ইয়াৰ উত্তৰো দিছে বিচিচিআইৰ প্ৰধান নিৰ্বাচক চেতন শৰ্মাই। প্ৰধান নিৰ্বাচক গৰাকীয়ে এখন সাংবাদিক কয় যে কোনো ক্ৰিকেটাৰে যদি ধাৰাবাহিকভাৱে ভাল খেলে, তেনেহ’লে নিৰ্বাচকসকলৰ কোনো সমস্যা নাই।

এতিয়ালৈকে এই বিষয়ে ক্ৰিকেটাৰ দুগৰাকীৰ স’তে নিৰ্বাচক কমিটিয়ে কোনো কথা পতা নাই বুলিও তেওঁ জনায়। বিশ্বকাপৰ দৰে এটা প্ৰতিযোগিতাৰ মাজত খেলুৱৈৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিবলৈ তেওঁলোক ৰাজি নহয় বুলি তেওঁ কয়।

”তেওঁলোক শ্ৰেষ্ঠ ক্ৰিকেটাৰ। যদি তেওঁলোকে নিজেই কিবা ভাবে, নিশ্চিতভাৱে আমাক ক’ব।’’- তেওঁ কয়- ”ৰোহিত, কোহলি লগত থাকিলে দলৰ বাকীসকলেও কিবা শিকিব পাৰে। মই লক্ষ্য কৰিছো কেনেদৰে তেওঁলোকে তৰুণ ক্ৰিকেটাৰসকলৰ স’তে অনুশীলন কৰে। কোনো এখন মেচৰ বাবে কিধৰণে প্ৰস্তুতি ল’ব লগা হয়, কিদৰে নিজকে ফিট কৰি ৰাখিব পাৰি, সেই বিষয়ে তৰুণসকলে ৰোহিত-কোহলীৰ পৰা শিক্ষা লাভ কৰি আহিছে।’’

”কাৰোৰে বাবে দৰ্জা বন্ধ নহয়। যদি কোনোবাই নিজকে ফিট ৰাখিব পাৰে, তেন্তে বয়স মাত্ৰ এটা সংখ্যা।’’- বিৰাট-ৰোহিতৰ বয়সৰ বিষয়ে উনুকিয়াই তেওঁ কয়- ”যদি তেওঁলোকে দলৰ বাবে খেলি যাব পাৰে, তেন্তে নিৰ্বাচকসকল সুখী হৈ থাকিব।’’

Leave A Reply

Your email address will not be published.