Breaking

যমুনামুখৰ বন্ধন বেংক কন্টেইনমেন্ট জ’ন ঘোষণা

0 1,281

ডবকা : হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত চাৰিজনকৈ কৰ্মচাৰীৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ চাঞ্চল্য মাৰ নাযাওঁতেই যমুনামুখত গণ সংক্ৰমণৰ দিশে গতি কৰিছে। যমুনামুখত থকা বন্ধন বেংকৰ কাৰ্যালয়ৰ চাৰিজনকৈ কৰ্মচাৰীৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ লগতে যমুনামুখৰ আন দুজন কাপোৰৰ ব্যাৱসায়ীৰ শৰীৰত কভিড-১৯ পজিটিভ ধৰা পৰিছে। ৰেপিড এণ্টিজেন টেষ্টত চাৰি গৰাকী বন্ধন বেংকৰ কৰ্মচাৰীৰ কভিড-১৯ পজিটিভ ধৰা পৰে। চাৰিওজনকে মাজ নিশা লংকা কভিড হাস্পতাললৈ ভৰ্তি কৰা হয়। এই ঘটনাক লৈ আতংকিত হৈ পৰিছে যমুনামুখবাসী। জানিব পৰা মতে বহু বন্ধন গ্রাহকৰ সংস্পৰ্শলৈ আহিছিল চাৰিওজন কৰ্মচাৰী ডবকাতো চাৰিজনৰ দেহতো ধৰা পৰিছে কভিড-১৯ পজিটিভৰ অৱস্থিতি। যমুনামুখ বন্ধন বেংকক কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। বন্ধন বেংকৰ চৌপাশ চেনিটাইজিং কৰি অনির্দিষ্টকালৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে চিহ্নিত কৰে স্বাস্থ্য বিভাগে। ইফালে আজিও যমুনামুখত দুজনকৈ লোকৰ দেহত কভিড পজিটিভ ধৰা পৰে।

Leave A Reply

Your email address will not be published.