Breaking

কপালত ফোঁট নোলোৱাৰ বাবেই মহিলা সাংবাদিকক দুৰ্ব্যৱহাৰ এগৰাকী হিন্দুত্ববাদী নেতাৰ

0 67

সম্ভাজি ভিন্দে নামৰ মহাৰাষ্ট্ৰৰ বৰ্ষীয়ান নেতাগৰাকীয়ে মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি বুধবাৰে ভিন্দেই এগৰাকী মহিলা টিভি সাংবাদিকক এই দুৰ্বব্যৱহাৰ কৰিছে। ভিন্দেৰ সাক্ষাৎকাৰ ল’বলৈ যোৱা মহিলাগৰাকীয়ে কপালত বিন্দী তথা ফোঁট নোলোৱাৰ বাবেই বৰ্ষীয়ান নেতাগৰাকীয়ে কটু বাক্য প্ৰয়োগ কৰে।

বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক সাক্ষাৎ কৰি অহাৰ পাছতে মহিলা সাংবাদিকগৰাকীয়ে ভিন্দেৰ মুখামুখি হয়। কিন্তু সাংবাদিকগৰাকীয়ে কপালত ফোঁট নোলোৱাৰ বাবে ভিন্দেই সাক্ষাৎকাৰ দিবলৈ অমান্তি হয়।

ভিডিঅ’ত দেখা পোৱা অনুযায়ী, ভিন্দেই মহিলা সাংবাদিকগৰাকীক কোৱা দেখা গৈছে যে তেওঁৰ বক্তব্য লোৱাৰ পূৰ্বে সাংবাদিকগৰাকীয়ে ফোঁট লৈ আহিব লাগিব। তদুপৰি ভিন্দেই  কয় যে এগৰাকী মহিলা ‘ভাৰতমাতা’ৰ দৰে আৰু ‘ভাৰতমাতা’ কেতিয়াও বিধৱা নহয়।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। মহাৰাষ্ট্ৰৰ মহিলা আয়োগৰ চেয়াৰপাৰ্ছন ৰূপালী চাকানকাৰে ভিন্দেক এখন চমনো জাৰি কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভিন্দেই বিতৰ্কিত মন্তব্য কৰি চৰ্চা লাভ কৰিছিল। ২০১৮ চনত তেওঁ কৈছিল যে তেওঁৰ ফলৰ বাগিচাৰ পৰা আম খালে বিবাহিত দম্পত্তিসকলে পুত্ৰসন্তান লাভ কৰে।

Leave A Reply

Your email address will not be published.