Breaking

অমৃতসৰত দিন-দুপৰতে শিৱসেনাৰ নেতা সুধীৰ সুৰীক ধৰ্ণাৰ সময়ত গুলিয়াই হত্যা; গ্ৰেপ্তাৰ শ্বুটাৰ সন্দীপ সিং

0 71

শুকুৰবাৰে বিয়লি অমৃতসৰত গোপাল মন্দিৰৰ বাহিৰত ধৰ্ণাত বহি ডাষ্টবিনত দেৱতাৰ মূৰ্তি পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰা হয়। জানিব পৰা অনুসৰি, ভিৰৰ মাজৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰিছিল।

উল্লেখযোগ্য যে, গুৰুতৰ অৱস্থাত সুধীৰ সুৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়। তাৰ মাজতে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীয়ে আক্রমণকাৰী সন্দীপ সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

সমগ্ৰ অঞ্চলটো এতিয়া এটা কন্টেইনমেন্ট জ’নলৈ ৰূপান্তৰিত কৰা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সুধীৰ সুৰী গেংষ্টাৰৰ আক্ৰমণৰ লক্ষ্য আছিল আৰু তেওঁক আক্ৰমণৰ পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা হৈছিল। কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা গেংষ্টাৰজনে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছিল যে তেওঁ সুধীৰ সুৰীক আক্ৰমণ কৰিবলগীয়া হৈছিল আৰু তাৰ বাবে তেওঁলোকে অনুশীলন কৰিছিল।

Leave A Reply

Your email address will not be published.