পুনৰ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰিলে বিপাশা বসুৱে…

পুনৰ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰিলে বিপাশা বসুৱে। সন্তান জন্ম হ’বলৈ মাত্ৰ কেইদিনমান বাকী, তেনে অৱস্থাতে তেওঁৰ এখনি শেহতীয়া ফটো অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ফটোখনত দেখা গৈছে বিপাশাৰ নিম্নাংগ অনাবৃত আৰু তাক ঢাকি ৰাখিছে পিন্ধি থকা ব্ৰ’ঞ্জ ৰঙৰ এটা গাউনেৰে।

ফটোখন শ্বেয়াৰ কৰি বিপাশাই লিখিছে- “সকলোৱে নিজকে ভালপাওক। যি শৰীৰত বাস কৰিছে তাক ভালপাওক।”

ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰাৰ পাছতে সম্প্ৰতি সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি হৈছে। অনেকে অভিনেত্ৰীগৰাকীয়ে এইদৰে গৰ্ভাৱস্থাত ফটোশ্বুট কৰাটোক এটা বলিষ্ঠ পদক্ষেপ হিচাপে অভিহিত কৰিছে। অনুৰাগীসকলে তেওঁক শুভকামনা জনাইছে।

উল্লেখ্য যে জিচ্ম, ৰাজ ইত্যাদি ছুপাৰহিট ছৱিৰে দৰ্শকৰ নয়নৰ মণি হৈ পৰা বিপাশা বসুৱে ২০১৬ চনত অভিনেতা কৰণ সিং গ্ৰোভাৰৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমান বিপাশাৰ বয়স ৪৩ আৰু প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ উলাইছে।

Related Articles