সতৰ্কবাণী! পুনৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা, আক্ৰমণ হ’ব পাৰে ড্ৰ’ন আৰু সৰু বিমানেৰে

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাই শংকিত কৰিছে প্ৰশাসনক। মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰা হৈছে, য’ত কোৱা হৈছে যে এই সন্ত্ৰাসবাদীয়ে ড্ৰ’ন আৰু সৰু বিমানেৰে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ চলাব পাৰে। এই ইনপুটৰ পিছত নিৰাপত্তা সংস্থাসমূহ সম্পূৰ্ণৰূপে সজাগ আৰু সতৰ্ক হৈ পৰিছে আৰু বহু কাম-কাজ নিষিদ্ধ কৰা হৈছে।

বিশ্বস্ত সূত্ৰ অনুসৰি, মুম্বাইত ৰিম’ট কণ্ট্ৰ’ল বিমানৰ জৰিয়তে আক্ৰমণৰ সন্দেহ কৰা হৈছে। মুম্বাইৰ বিশেষ স্থানসমূহেই কেৱল সন্ত্ৰাসবাদীৰ লক্ষ্য নহয়। কিন্তু কোৱা হৈছে যে সন্ত্ৰাসবাদীয়ে ভিভিআইপিকো লক্ষ্য কৰি ল’ব পাৰে। বৰ্তমান সময়ত মুম্বাইত ড্ৰ’ন উৰণ নিষিদ্ধ কৰা হৈছে। মুম্বাই আৰক্ষীয়ে জাৰি কৰা আদেশত স্পষ্টকৈ উল্লেখ আছে যে যদি কোনোবাই এই নিয়ম উলংঘা কৰে তেন্তে তেওঁক আই পি চিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি দিয়া হ’ব।

বৃহত্তৰ মুম্বাই আৰক্ষী আয়ুক্তই জাৰি কৰা আদেশত কোৱা হৈছে যে সন্ত্ৰাসবাদী আৰু ৰাষ্ট্ৰদোহী উপাদানে ড্ৰ’ন, ৰিম’ট কণ্ট্ৰ’লড মাইক্ৰ’ লাইট এয়াৰক্ৰাফ্ট, পেৰাগ্লাইডাৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰিব পাৰে আৰু ভিভিআইপিকো লক্ষ্য কৰি ল’ব পাৰে। এই কাৰণেই ব্যক্তিগত হেলিকপ্টাৰকে ধৰি এই সকলোবোৰ বস্তু হট এয়াৰ বেলুনলৈ ব্যৱহাৰ কৰাটো আগন্তুক ৩০ দিনলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কেৱল মুম্বাই আৰক্ষীয়েহে আকাশমাৰ্গত চোৰাংচোৱাগিৰি কৰিব পাৰে। ১৩ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ কাৰ্যকৰী হ’ব এই আদেশ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৪ নৱেম্বৰত মুম্বাই আৰক্ষীৰ কণ্ট্ৰল ৰুমত হাজী আলী দৰগাহৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি আহিছিল। এই ভাবুকি পোৱাৰ পিছতে মুম্বাইৰ তৰ্দেও থানাৰ এটা দলে সেই স্থানত উপস্থিত হয়। আৰক্ষী আৰু বোমা ডিটেকচন এণ্ড ডিচপ’জেল স্কোয়াডৰ ভ্যানৰ জৰিয়তে সমগ্ৰ অঞ্চলটো তালাচী চলায় যদিও একো পোৱা নগ’ল। ফোন কৰাজন অচিনাকি আৰু পিছত আৰক্ষীয়ে এই ভাবুকি দিয়া লোকজন মানসিকভাৱে অসুস্থ বুলি সন্দেহ কৰে।

Related Articles