কি হৈছে শ্ৰীমন্ত শংকৰ সংঘত। বিতৰ্কই লগ এৰা নিদিয়া শংকৰ সংঘত এতিয়া তালিবানৰ শাসন চলিছে নেকি। কিছুদিন পূৰ্বে আহোম প্ৰথাৰ চকলং বিয়াত উপস্থিত থকাৰ দোষত শংকৰ সংঘই চাৰিটাকৈ পৰিয়ালক বহিস্কাৰ কৰিছিল। লগে লগে আহোম জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ তুলি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আহোম ছাত্ৰ সংগঠনে শংকৰ সংঘক উভতি ধৰি কঠোৰ স্হিতি গ্ৰহন কৰাৰ লগতে শংকৰ সংঘৰ সদস্যই সুৰা বিপনী তথা হোটেল ব্যৱসায়ত জড়িত হৈ মাছ মাংসৰ বেপাৰ কৰাৰ অভিযোগ তুলাছিল। শংকৰ সংঘই অবশেষত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা ভিক্ষা খোজাত বিষয়টো সামৰণি মাৰিছিল। আজি গুৱাহাটীৰ ৰূপনগৰত শংকৰ সংঘৰ এক আলোচনাত পুনৰ ক্ষমা বিচৰা বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি সংঘই পদাধিকাৰ কমলা কান্ত গগৈক নিস্ক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে শংকৰ সংঘৰ আন দুই বিষয়া মৃনাল বৰুৱা আৰু দুৰ্লভ পাঠকো ৰোষত পৰিছে সংঘৰ। উচ্চ- নীচ ভেদাভেদ পাহৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে জাতিটোক এক কৰাৰ পিছত এতিয়া গুৰুজনাক লৈ ৰাজ্যত যেন চলিছে ব্যৱসায়। শংকৰ সংঘৰ এনে কিছুমান নীতি নিয়মক বহুতেই তালিবানৰ সৈতে ৰিজনী দিবলৈকো পিছ পৰি থকা নাই। ৰাজ্যখনৰ এক বৃহৎ অনুষ্ঠান শংকৰ সংঘৰ এনে কাৰ্যই ৰাজ্যখনৰ ক্ষতি কৰাটো নিশ্চিত।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়