দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ এমাহৰ কম সময়তে সপ্তম স্থানৰ পৰা তেওঁ চতুৰ্থ স্থান পালেহি৷ শনিবাৰে ব্লুমবার্গ বিলিনিয়াৰৰ তালিকা অনুযায়ী ৰিলায়েন্সৰ কৰ্ণধাৰৰ সম্পত্তিৰ মূল্য ৮০.৬ বিলিয়ন ডলাৰ৷ অথচ ২৩ জুলাইত তেওঁ আছিল পঞ্চম স্থানত৷ মাত্ৰ ১০-১২ দিনৰ ভিতৰত আন এটা ঢাপ উঠিল মুকেশ আম্বানি৷ এতিয়া তেওঁৰ আগত আছে মাত্ৰ তিনিজন৷ যোৱা ১০ জুলাইত বিশ্বৰ সপ্তম ধনী ব্যক্তি আছিল ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ কৰ্ণধাৰ৷ বাৰ্কছায়াৰ হাথাৱেৰ চিইঅ’ ৱাৰেন বাফেটক পিছ পেলাই তেওঁ এই স্থান দখল কৰিছে৷ মাত্ৰ ১২ দিনতে ৭৫ মাৰ্কিন বিলিয়ন ডলাৰেৰে পঞ্চম স্থান লাভ কৰিছিল মুকেশ আম্বানিয়ে৷ তেতিয়া ভাৰতীয় মুদ্ৰাত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৫.৬১ লাখ কোটি টকা৷ এতিয়া ৮০.৬ বিলিয়ন ডলাৰ মূল্য সম্পত্তিৰ গৰাকী মুকেশ আম্বানি৷ তেওঁৰ আগত আছে জেফ বেজছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গ৷ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ হ’ল যথাক্রমে ১৮৭ বিলিয়ন, ১২১ বিলিয়ন আৰু ১০২ বিলিয়ন ডলাৰ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ
- Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা
- Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন
- National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ
- AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব
- Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক
- Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’
- eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ