Breaking

অসম অৰুণাচল সীমান্তবৰ্ত্তী বালিগাৱঁত সুলভ মূল্যৰ এজেণ্ট নিযুক্তিৰ দাৱী

0 1,318

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তবৰ্ত্তী  চাৰিদুৱাৰ অঞ্চলৰ বালিগাওঁ, গনেশ পথাৰ, বামজুলি, বড়ি গাওঁ, তৰাইবাৰীকে ধৰি দহখনৰো অধিক  গাঁৱৰ ৰাইজে সুলভ মূল্যৰ সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে৷ অসম অৰুণাচল সীমান্তবৰ্ত্তী বড়ো জনবসতি অধ্যুষিত উক্ত অঞ্চলৰ ৰাইজে সুলভ মূল্যৰ সামগ্ৰী বিচাৰি সম্প্ৰতি যাব লগা হয় ১০/১২ কিলোমিটাৰ দূৰত্ব চতাই অঞ্চললৈ৷ যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে অঞ্চলটোৰ ৰাইজে৷ পূৰ্বতে চাৰিদুৱাৰৰ ভালুকপুংকত এখন সমবায় দোকান আছিল যদিও সমবায়খনৰ এজেণ্ট দীপেন ৰাভা একাধিক দুৰ্নীতিত জড়িত হোৱাত ৰাইজৰ অভিযোগৰ ভিত্তিত দীপেন ৰাভাৰ অনুজ্ঞা পত্ৰ  বাতিল কৰা হয়৷ স্থানীয় ৰাইজৰ লগতে হিউমেন ৰাইটচ একচন কাউণ্সিলৰ অধ্যক্ষ ড° পৰশমণি সিংহই ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসামৰিক খাদ্যমন্ত্ৰীলৈ পঠোৱা অভিযোগৰ ভিত্তিতে বিভাগে তদন্ত কৰি দীপক ৰাভাৰ অনুজ্ঞা পত্ৰ বাতিল কৰিছিল৷ পাচত স্থানীয়  ৰাইজৰ অনুৰোধত বিভাগে বালিগাঁৱৰ গোলাপী গৈৰাগীক সুলভ মূল্যৰ এজেণ্ট হিচাপে নিৰ্ব্বাচিত কৰে যদিও আজিকোপতি অনুজ্ঞা পত্ৰ লাভ নকৰিলে গোলাপী গৈৰাগীয়ে৷ কাগজে কলমে বিভাগে  গোলাপী গৈৰাগীক  সুলভ মূল্যৰ এজেণ্টৰ স্বীকৃতি  দিলে যদিও আজিকোপতি অনুজ্ঞাপত্ৰ প্ৰদান নকৰাত বালিগাঁৱকে ধৰি কেইবাখনো গাৱঁৰ ৰাইজ সুলভ মূল্যৰ সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত  সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এই ক্ষেত্ৰত হিউমেন ৰাইটচ একচন কাউণ্সিল অসমৰ অধ্যক্ষ ড° পৰশমনি সিংহই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক গোলাপী গৈৰাগীয়ে সুলভ মূল্যৰ এজেণ্টৰ অনুজ্ঞাপত্ৰ লাভ কৰাত  প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ অনুৰোধ জনায় ৷

Leave A Reply

Your email address will not be published.