Breaking

নগাঁৱত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই

0 1,318

নগাঁও,১৫ আগষ্টঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ খনৰ ওপৰি নগাঁও জিলাতো আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসটি চৰকাৰী ভাৱে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰা হয় ৷ আজিৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই । ইয়াৰ পূ্ৰ্ৱে নগাঁৱৰ শ্বহীদ ভৱন প্ৰাংগন আৰু আৰ্ৱত ভৱনৰ সন্মুখত অৱস্থিত স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক শত সহস্ৰ শ্বহীদসকলৰ লগতে প্ৰতিগৰাকী মুক্তিযুঁ‌জাৰুলৈ মন্ত্ৰী গৰাকীয়ে সশ্ৰদ্ধ প্ৰণিপাত জনোবাৰ লগতে সেৱা আগবঢ়াই দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ হেতু প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰে । আজিৰ এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, অভিনেত্ৰী আইমী বৰুৱাৰ সহিতে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া সকলৰ লগতে অন্যান্য লোক সকল উপস্থিত থাকে ৷ আন আন বৰ্ষ সমূহৰ দৰে বাৰ ক’ৰোনা মহামাৰীৰ বাবে স্বাধীনতা দিৱসটি উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি সিমিত পৰিমানৰ লোকৰ উপস্থিতিত দিৱসটি সাফল্য মণ্ডিত কৰি তোলা পৰিলক্ষিত হয় ৷ আনহাতে,আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মুৰুলী বৰুৱাই অতি কম সময়ৰ ভিতৰত ক’ৰোনা কালৰ ওপৰত লিখি উলিওৱা এখনি গ্ৰন্থ মন্ত্ৰী গৰাকীয়ে উন্মোচন কৰে ৷

Leave A Reply

Your email address will not be published.