Breaking

মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহত ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন

0 1,275

উজনি-মাজুলীঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দ্বীপজিলা মাজুলীৰো বিদ্যালয়-মহাবিদ্যালয় সমূহত শণিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱসটি পালন কৰা হয়। এই উপলক্ষে দ্বীপজিলাখনৰ শিক্ষাৰ অগ্ৰণী বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ত শণিবাৰে পুৱা ৬ -৩০ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ৭-১৫ বজাত বৃক্ষ ৰোপণ, পুৱা ৭ – ৩০ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰা হয়, পুৱা ৭ -৪৫ বজাত স্বাধীনতা দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লঘু আহাৰ বিতৰণ কৰে, সন্ধিয়া ৪ -৩০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰা হয় আৰু সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰে । মহাবিদ্যালয় খনিত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই । সম্পূৰ্ণভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি , মুখত মাস্ক পৰিধান কৰি মহাবিদ্যালয়ৰ শিক্ষা গুৰুৰ সকলৰ লগতে কম সংখ্যক ছাত্ৰ -ছাত্ৰী ৭৪ সংখ্যক এই স্বাধীনতা দিৱস কাৰ্যসূচীত অংশ গ্ৰহন কৰে। আনহাতে উজনি মাজুলীৰ চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৭৪ সংখ্যক স্বাধীনতা দিৱসটি থূলমূলকৈ পালন কৰা হয় | অধ্যক্ষ কৃষ্ণৰাম বৰা, উপাধ্যক্ষ পদুম মহন্ত ,শিক্ষক বৃন্দৰ হৈ মহেন্দ্ৰ বৰা, মহেন্দ হাজৰিকা, অৰুন মিলি, প্ৰভুনাথ ভগত, মৃদুল বৰা, মাধৱ শইকীয়া, চৌকিদাৰ দুতিৰাম বৰা, ছাত্র একতা সভাৰ বিতুপন দাস আদি উপস্থিত থাকি ক’ভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰাখি, মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণ লকডাউনৰ নীতি নিয়মৰ মাজেৰে এক চমু কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৭৪ সংখ্যক স্বাধীনতা দিৱসটি | বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গনেশ ৰাজখোৱাই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পাছত স্বাধীনতাৰ বীৰ বীৰাংগনা সৈনিক সকলৰ দেশৰ প্ৰতি থকা ত্যাগৰ কথা উল্লেখ কৰি তেখেত সকললৈ সশ্ৰদ্ধ প্ৰনিপাত জনাই বক্তব্য ৰাখে লগতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ শলাগ লয় আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক সমৰ্থন কৰাৰ কথা উল্লেখ কৰে | তেখেতৰ মন্তব্যক পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলেও সমৰ্থন জনায়।

Leave A Reply

Your email address will not be published.