Breaking

সোণতলীত চপৰা চপৰে খহিছে লুইতৰ গৰা, নিৰ্বিকাৰ চৰকাৰ- জনপ্ৰতিনিধি

0 1,324

সোণতলী : সোণতলীত বৰলুইতে খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ চপৰা চপৰে খহিছে নৈৰ গৰা৷ গৃহহীন হৈছে শ শ পৰিয়াল৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীৰ পানীখাইটিত কেবাবছৰ ধৰি বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ ফলত জাহ গৈছে বিশখনৰো অধিক ৰাজহ গাঁও৷ জাহ গৈছে বহুকেইখন অনুষ্ঠান-প্ৰতিষ্ঠান৷ পানীখাইটী অঞ্চলত ছয় কোটি টকীয়া স্বাস্থ্য কেন্দ্ৰ এখন স্থাপন হৈছিল যদিও চিকিৎসকে ভৰি দিয়াৰ আগতে লুইতৰ বুকুত জাহ গৈছে স্বাস্থ্য কেন্দ্ৰখন৷ কেৱল সেয়াই নহয়, হাজাৰ হাজাৰ বিঘা কৃষিভূমি জাহ গৈছে নদীৰ বুকুত৷ ভুক্তভোগী কৃষিজীৱি ৰাইজৰ এতিয়া হাজিৰা কৰাৰ বাহিৰে কোনো উপায় নাই৷ উল্লেখনীয় যে বৃহত্তৰ সোণতলীৰ পানীখাইতী, বৰদিয়া নয়াপাৰা, জতিয়া দিয়া, কুচিয়াৰদিয়া, লটুৰাদিয়া এন চি কে ধৰি বিশখন গাঁও সম্পূৰ্ণৰূপে নাইকীয়া হৈছে লুইতৰ খহনীয়াত৷ গাঁওখনত থকা কেবাখনো এলপি স্কুল, মোক্তৱ, দুখন সাপ্তাহিক বজাৰ খহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈ পৰিছে৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কাম কৰিছে যদিও পানীখাইটীত মাত্ৰ ৯০০ মিটাৰ মান খহনীয়া প্ৰতিৰোধৰ কাম কৰি দায়িত্ব সামৰিলে চৰকাৰে৷ কথাত আছে নহয়, এপাচি শাকত এটা জালুক৷ কথাটো তেনেকুৱাই৷ চাৰি কিলোমিটাৰ খহনীয়াৰ কৱলত পৰা ঠাইত কাম কৰিছে মাত্ৰ ন শ মিটাৰ৷ এতিয়া ৰাইজৰ প্ৰশ্ন কেনেকৈ বন্ধ হ’ব খহনীয়া? ইপিনে বকো সমষ্টিৰ বিধায়িকাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ৷ খৱৰ ল’বলৈ সময় নাই বিধায়িকা নন্দিতা দাসৰ৷ কেৱল সেয়াই নহয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বৰ্তমানলৈ খহনীয়াগ্ৰস্থৰ খবৰ ল’বলৈ সময় নোপোৱাৰ অভিযোগ তুলিছে৷ আনহাতে মাহতলী গাঁও পঞ্চায়তৰ পৰা কিছুদিন পূৰ্বে ২০ লাখ টকাৰ পাৰ্কুপাইনৰ কাম কৰিছে যদিও সেইখিনিতো পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ পঞ্চায়ত প্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ উচ্চস্তৰৰ তদন্তৰ দাবী জনাইছে খহনীয়াগ্ৰস্থ ৰাইজে৷ ইপিনে চৰকাৰলৈ ৰাইজৰ অনুৰোধ আমাক সুৰক্ষা দিয়ক৷ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিয়ক৷ বৃহত্বৰ সোণতলী ঠাইখন অসমৰ মানচিত্ৰত মজুত থাকিবলৈ সুবিধা দিয়ক৷ অন্যথা অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্বৰ সোণতলী অঞ্চল৷

Leave A Reply

Your email address will not be published.