Breaking

টিংখাঙত চৰকাৰৰ আঁচনিলৈ বাট নাচায় ৰাইজে মেৰামতি কৰিলে পথ

0 1,342

টিংখাং : দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰ পাছতো সামগ্ৰিকভাৱে অনগ্ৰসৰ হৈ থকা ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিত চৰকাৰৰ উন্নয়নমূলক আঁচনিলৈ বাট নাচাই ৰাইজে হাতে কামে লাগি বাট পথ মেৰামতি কৰি আছে। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে সমষ্টিটোৰ কুঁৱৰীগাঁও পঞ্চায়তৰ দুই নং গাঁৱৰ ৰাইজে টিংখাং-নামৰূপ পথ আৰু ঐতিহাসিক মাহমৰা পথটোৰ সংলগ্ল একাংশত মেৰামতি কৰি যাতায়তৰ সূচল কৰি তোলে। গাঁওখনৰ শতাধিক পুৰুষ মহিলাই পথটোৰ শোচনীয় অংশ বিলাকত শিল দি মেৰামতি কৰে। স্থানীয় ৰাইজৰ দান বৰঙণিৰে পথটোৰ বাবে বহুকেই গাড়ী শিল ক্ৰয় কৰি মেৰামতি কৰা হৈছে বুলি জানিবলৈ দিছে। পথ মেৰামতিৰ কাৰ্যত গাঁওখনৰ যুৱক সংঘ আৰু মহিলা সমিতিয়ে সহযোগিতা আগবঢ়ায়। সংবাদ মাধ্যমক স্থানীয় লোকে জানিবলৈ দিয়া মতে শোচনীয় পথছোৱা প্ৰায় প্ৰতি সপ্তাহে ৰাইজে মেৰামতি কৰি আহিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত প্ৰায় ৪.৫ কিলো মিটাৰ দৈৰ্ঘৰ সমগ্ৰ পথছোৱাত অতি শোচনীয় হৈ পৰাৰ বাবে কেবাখনো গাঁৱৰ ৰাইজে দুৰ্ভোগ ভূগি আহিছে। টিংখাং আৰু নাহৰকটীয়া বিধান সভা সমষ্টিৰ সীমান্তৱৰ্তী এলেকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথটোৱে দুই নং গড়গুৰি গাঁওখনৰ লগতে ৰাজগড় ৰাঙলী, দুই নং ধাদুমীয়া, উমাতাৰা চাহ বাগিচা, খেৰ বৰটানি, এক নং বৰটানি, শিলগ্ৰাণ্ট আদি বৃহৎ অঞ্চলটোৰ কেবাখনো গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে নাহৰণি চিকিৎসালয় বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে শোচনীয় পথটোৰে আহ-যাহ কৰিব লগা হয়। বিশেষকৈ বাৰিষা সময়ছোৱাত পথটোৰ বাবে যমৰ যান্ত্ৰণা ভূগিব লগা হয়। জানিব পৰা মতে শোচনীয় হৈ পৰা পথটো এক দশকৰ পূৰ্বে টিংখাং উন্নয়ন খণ্ডই মেৰামতি কৰিছিল। এইপথটো অতিশীঘ্ৰে নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰক অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.