আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া ৱাকআউট কাৰ্যসূচী ঘোষণা কৰিছে। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব এই ৱাকআউট কাৰ্যসূচী । ১৯৭০ চনৰ পিছত প্ৰথমটো বৃহৎ ধৰ্মঘটৰ সন্মুখীন হৈছে নিউয়ৰ্ক টাইমছ।
১৯৭০ চনত এনে কাৰণতে নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰী সকলে ধৰ্মঘটৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছিল। এতিয়া সুদীৰ্ঘ ৫২ বছৰৰ পিছত আকৌ কৰ্মচাৰীয়ে একে পন্থাই গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে। জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ বাবে আমেৰিকাত অসন্তুষ্টি বৃদ্ধি পাইছে শ্ৰমিকৰ।
সেইবাবেই নিউয়ৰ্ক টাইমছৰ শ্ৰমিক ইউনিয়নৰ কৰ্মীসকলে ঘোষণা কৰে ধৰ্মঘটৰ। কাকত খনৰ বিশ্বকাপ ফুটবলৰ বাতৰি প্ৰচাৰ কৰা ক্ৰীড়া সাংবাদিক সকলৰ বাহিৰে ইন হাউছ সকলো কৰ্মীয়েই অংশ গ্ৰহণ কৰিছে এই অৱস্থান ধৰ্মঘটত।
উল্লেখ্য যে মঙলবাৰে কোম্পানীৰ কৰ্মচাৰী আৰু মালিক পক্ষৰ মাজত এই সন্দৰ্ভত আলোচনা চলিছিল। আলোচনাত মালিক পক্ষই ২০২৩-২৪ ত কৰ্মচাৰী সকলৰ ৩ বা ৪ শতাংশ দৰ্মহা বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলি যদিও পেঞ্চন কথা নাকচ কৰিছিল মালিক পক্ষই।
আচলতে ২০২১ চনৰ পৰাই কৰ্মচাৰীৰ ছুটী, হোম অফিচ, স্বাস্থ্য সেৱাৰ নীতি, মজুৰি আদি কথাক লৈ কৰ্মচাৰী সকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল।