Breaking

বৰমাত ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল অনুপ বড়ো

0 84

দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ঘোচ নিদিলে কাম নিসিজে এইটো কাৰ্যালয়ত। একাংশ মহৰীৰ জৰিয়তে লাট মণ্ডলবোৰে চলাই আছে জেপ গৰম কৰা ব্যৱস্থা । কাৰ্যালয়ৰ ভিতৰতে নিৰ্বিঘ্নে চলাই গৈছে ঘোচ লোৱা প্ৰথা। কোনো এগৰাকী বিষয়াই নাকী লগাব পৰা নাই এনে কাৰ্যালয়টোৰ এনে অপ-সংস্কৃতিক। বছৰ বছৰ ধৰি বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দুৰ্নীতিৰ বজাৰখন আজি উন্মোচিত কৰিলে দুৰ্নীতি নিবাৰক শাখাই। প্ৰাপ্য বাতৰি অনুসৰি বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলক আজি ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। পিতৃৰ পৰা পুত্ৰৰ নামত মাটি নামজাৰী কৰাৰ বাবে খাৰুৱাজানৰ লাট মণ্ডল অনুপ বড়োৰ ওচৰ চাপিছিল খাৰুৱাজান গাৱৰে যুৱক তথা বিজেপিৰ মুছলপুৰ মণ্ডলৰ অ’বিচি মৰ্চাৰ সম্পাদক উৎপল বৰ্মন।

মাটি নামজাৰী কৰি দিয়াৰ নামত ২৫০০ টকা বিচাৰিছিল লাট মণ্ডলজনে। পিছত ১৫০০ টকাত বন্দোবস্ত হোৱাত আজি কাৰ্যালয়তে টকাখিনি লৈছিল লাট মণ্ডল অনুপ বড়োৱে । টকা লোৱাৰ সময়তে গৈ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে অনুপ বড়ো নামৰ লাট মণ্ডলজনক। সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই অনুপ বড়োৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.