Breaking

ৰামায়ণ চাৰ্কিটসহ উন্নয়ন প্ৰকল্প বাস্তৱায়িত কৰাৰ বিষয়ে ভাৰত-নেপালৰ আলোচনা

0 1,308

দৈনন্দিন বাৰ্তা ডেস্ক : দীৰ্ঘ ৯ মাহৰ পাচত সোমবাৰে পুনৰ ভাৰত আৰু নেপালৰ প্ৰশাসনিক বিষয়াৰ মাজত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ ইয়া ফলত দুয়ো দেশৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ দিশে আগবাঢ়ে৷ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সূত্ৰে জানিব পৰা মতে সোমবাৰে নেপালত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন খাটৰা আৰু আন বিষয়াৰ সৈতে নেপালৰ প্ৰশাসনিক বিষয়াৰ বৈঠক অনুষ্ঠিত হয়৷ নেপালৰ বৈদেশিক সচিব শংকৰ দাস বৈৰাগীৰ নেতৃত্বত দলটোৱে বৈঠকত অংশ লয়৷ এই বৈঠকত ৰামায়ণ চাৰ্কিটসহ মূলত নেপালৰ বিভিন্ন প্ৰান্তৰ উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে ভাৰতে যি মূলধন বিনিয়োগ কৰিছে তাকে লৈ আলোচনা হয় বুলি জানিব পৰা গৈছে৷ এই বৈঠকত আন্তঃসীমান্ত ৰে’লপথ, অৰুণ-তৃতীয় জলবিদ্যুৎ প্ৰকল্প, পঞ্চেশ্বৰ বহুমুখী প্ৰকল্প, বিদ্যুৎ, নেপাল আৰক্ষী একাডেমী নিৰ্মাণ, মহাকালী নদীৰ ওপৰত সেতু উন্নয়ন লৈ আলোচনা হয়৷ অৱশ্যে দুয়ো দেশৰ বিষয়াই কাঠমাণ্ডু আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্ক কি দৰে দৃঢ় কৰিব পাৰি তাকে লৈ সময় ব্যয় কৰে বুলি অসমর্থিত সূত্ৰত প্ৰকাশ৷ ইয়াৰ আগেয়ে যোৱা বছৰৰ জুলাই মাহত নেপালৰ উন্নয়নমূলক প্ৰকল্পত ভাৰতে মূলধন বিনিয়োগ কৰা লৈ উচ্চ পৰ্যায়ৰ বৈঠক হৈছিল৷ তাৰ পাচত মানচিত্ৰ লৈ বিতৰ্ক আৰম্ভ হোৱাত সেই প্ৰক্ৰিয়া স্থগিত হয়৷ চীনৰ উচতনিত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা ওলিৰ ভাৰত বিৰোধিতাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি দাবী কৰে ভাৰতীয় কূটনৈতিক মহলে৷ তদুপৰি পুষ্পকুমাৰ দহল বা প্রচণ্ডসহ নেপাল কমিউনিষ্ট পাৰ্টিৰ বেছিভাগ নেতাই গ্ৰহণ কৰা উদ্যোগৰ বাবে ওলি পিছুৱাবলৈ বাধ্য হয়৷ ফলত এই বৈঠক অনুষ্ঠিত হয় ৷

Leave A Reply

Your email address will not be published.