Breaking

নলবাৰী চহৰৰ মাজ-মজিয়াত জিলা স্বাস্থ্য বিভাগৰ আদৰণি এম্বুলেঞ্চ ড্ৰাইভৰৰ অতপালি,চলন্ত এম্বুলেঞ্চত ফোণত ব্যস্ত এম্বুলেঞ্চ ড্ৰাইভৰ…

0 99

আজি নলবাৰী চহৰৰ মাজ-মজিয়াত এখন জিলা স্বাস্থ্য বিভাগৰ অধীনত থকা এম্বুলেঞ্চৰ অতপালি পৰিলক্ষিত হয়।

জিলা স্বাস্থ্য বিভাগৰ অধীনত চলি থকা এখন আদৰণি এম্বুলেঞ্চ ড্ৰাইভৰে নলবাৰী চহৰৰ মাজ-মজিয়াত চলন্ত গাড়ীত এখন হাতেৰে গাড়ী আৰু এখন হাতেৰে মোবাইল চলাই থকা পৰিলক্ষিত হয় ।

যদিও এম্বুলেঞ্চ খন খালী আছিল তাৰ পিছত ও এম্বুলেঞ্চ ড্ৰাইভৰ গৰাকীয়ে নলবাৰী অসামৰিক চিকিৎসালয়ৰ ব্যস্ত পথৰ পৰা চহৰৰ পুৰণি চিনেমা হোলৰ পথৰ প্ৰায় এক কিলোমিটাৰ যান-জোঁটৰ মাজত এখন হাতেৰে গাড়ী চলাই বীৰত্ব প্ৰদৰ্শন কৰি অতপালি কৰা পৰিলক্ষিত হয় ।

আনহাতে বাহন খনৰ আগফালে নম্বৰ প্লেট নাই তথা পিছ ফালে ভঙা নম্বৰ প্লেট লৈ এম্বুলেঞ্চ চলাই আছে ড্ৰাইভৰ গৰাকীয়ে ।  যিটো সময়ত জিলা পৰিবহন বিভাগ আৰু নলবাৰী আৰক্ষীৰ ট্ৰেফিক বিভাগে সাধাৰণ ৰাইজৰ পৰা নিতৌ হেজাৰ হেজাৰ জৰিমনাৰ প্ৰদান কৰি আহিছে তেনে সময়ত এনেকুৱা এম্বুলেঞ্চ তথা ড্ৰাইভৰৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰাই নাই নলবাৰী পৰিবহন বিভাগৰ লগতে নলবাৰী আৰক্ষী বিভাগে? নে চৰকাৰী গাড়ীৰ ওপৰত জৰিমনা বিহিবলৈ ভয় কৰে পৰিবহন বিভাগৰ লগতে নলবাৰী আৰক্ষীয়ে?

এনেকৈয়ে নলবাৰী চহৰত চলি থাকিব নেকি একাংশ আধা লিখা নম্বৰপ্লেটৰ চৰকাৰী গাড়ী সহ ড্ৰাইভৰৰ অতপালি?-এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে নলবাৰীৰ সচেতন মহলৰ মাজত৷
ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply

Your email address will not be published.