Breaking

প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ ফুৰাবলৈ লৈ যোৱাৰ চলেৰে গুজৰাটলৈ নি প্ৰেমিকাক ৪৯ বাৰ চুৰিৰে হানি হত্যা কৰাৰ অভিযোগ উত্থাপিত প্ৰেমিকৰ বিৰুদ্ধে…

0 66

প্ৰেমিকাই বিয়া কৰিবলৈ হেঁচা দি আছিল প্ৰেমিকক। কিন্তু প্ৰেমিকে কোমোমতে সন্মত হোৱা নাছিল। অৱশেষত প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ ফুৰাবলৈ লৈ যোৱাৰ চলেৰে গুজৰাটলৈ নি প্ৰেমিকাক ৪৯ বাৰ চুৰিৰে হানি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰেমিকৰ বিৰুদ্ধে।

অভিযুক্ত প্ৰেমিক যুৱকজনক জগন্নাথ গোডা বুলি চিনাক্ত কৰা হৈছে। ঘটনাটো উৰিষ্যাৰ ভুৱনেশ্বৰত সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, কুনিদাৰ সীমা দাস নামৰ এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত আছিল জগন্নাথ। দীৰ্ঘদিন সম্পৰ্কত থকাৰ পিছত যুৱতীগৰাকীয়ে জগন্নাথক বিয়া কৰাবলৈ প্ৰস্তাৱ দিছিল। কিন্তু জগন্নাথে একোতে সন্মত হোৱা নাছিল। কুনিদাৰে জগন্নাথক বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু তাতো কোনো লাভ হোৱা নাছিল।

জগন্নাথে বাৰে বাৰে প্ৰেমিকাৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আছিল। অভিযোগ কৰা হৈছে যে জগন্নাথে তেওঁৰ প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ তাইক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। তাৰ পিছত তেওঁ কুনিদাৰক গুজৰাট ভ্ৰমণৰ প্ৰস্তাৱ দিছিল। কুনিদাৰে প্ৰস্তাৱটোত সন্মত হৈছিল।

তেওঁলোক দুয়ো চুৰাটলৈ গৈছিল। তাতেই জগন্নাথৰ বিৰুদ্ধে কুনিদাৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৰপিছত জগন্নাথে প্ৰেমিকাৰ মৃতদেহটো এখন খালী পথাৰত এৰি ভুৱনেশ্বৰলৈ উভতি আহিছিল।

আৰক্ষীয়ে চুৰাটৰ এখন পথাৰৰ পৰা কুনিদাৰৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰে। কুনিদাৰে পিন্ধা টি-চাৰ্টটো চাই আৰক্ষীয়ে স্থানীয় বাছ ষ্টেণ্ড আৰু ৰে’ল ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। তাৰ পৰাই তেওঁলোকে জগন্নাথক চিনাক্ত কৰে। চুৰাট আৰক্ষীয়ে তেতিয়া ভূৱনেশ্বৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। এক গোপন সূত্ৰৰ খৱৰৰ জৰিয়তে আৰক্ষীয়ে জগন্নাথক ভুৱনেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

Leave A Reply

Your email address will not be published.