Breaking

নগাঁৱৰ ৰণথলীৰ অসমীয়া গহণাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ

0 1,400

নগাঁও : ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি হোৱা লকডাউনৰ ফলত আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজত চলিব লগা হৈছে। অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ থলুৱা শিল্প উদ্যোগবিধ চৰম সংকটৰ সন্মুখীন হৈছে। কেঁচা সোণেৰে অসমীয়া গহণা প্ৰস্তুত কৰি সমগ্ৰ ৰাজ্যতে বিপুল সমাদৰ লাভ কৰা নগাঁও চহৰৰ নিকটবৰ্তি ৰণথলী অঞ্চলৰ স্বৰ্ণশিল্পী সকল লকডাউনৰ ফলত কৰ্ম বিমুখ হৈ পৰে। বিশেষকৈ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকা আৰু লকডাউনৰ বাবে এইবাৰ ব’হাগ মাহত বিয়া সবাহ কিম্বা ৰঙালী বিহু উৎসৱ আদি অনুষ্ঠিত কৰিব পৰা নগ’ল। ফলত ৰণথলীৰ কেঁচা সোণৰ উদ্যোগত প্ৰস্তুত কৰা অসমীয়া গহণাৰ বিক্ৰী প্ৰায় বন্ধ হৈ পৰে। থলুৱা কুটিৰ উদ্যোগ সমূহৰ কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ আচঁনি হাতত লৈছে। উক্ত আচঁনিৰ অংশ স্বৰূপে কালি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ দেওধৰ পঞ্চায়তত মুখ‍্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত আৰু নগাঁও জিলা উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ লগতে ৰণথলি স্বৰ্ণ শিল্প উদ্যোগ সমবায় সমিতি লিমিটেডৰৰ সৌজন্যত অঞ্চলটোৰ দুই শতাধিক স্বৰ্ণ শিল্পীক অসমীয়া গহণা নিৰ্মাণত ব্যৱহৃত সোণ-ৰূপৰ কেঁচা সামগ্ৰী বিতৰণ কৰা হয়। স্বৰ্ণ শিল্পী সকলক কেচাঁ সামগ্ৰী বিতৰণ কৰি বিধায়ক ৰূপক শৰ্মাই শৰ্মাই কয় যে অসমীয়া গহণা প্ৰস্তুত কৰি ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ৰণথলিৰ অসমীয়া গহণাৰ থলুৱা উদ্যোগবিধক আমি ধ্বংস হ’বলৈ এৰি দিৱ নোৱাৰো। ক’ৰোনাভাইৰাছ সংক্ৰমণৰ আশংকাত দেশজুৰি বলবৎ কৰা লকডাউনৰ সময়চোৱাত অসমীয়া গহণা প্ৰস্তুত কৰা এই শিল্প উদ্যোগ বিধ বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হ’বলগাত পৰে। সেয়ে এনেধৰণৰ শিল্পৰ লগত জড়িত লোকসকলৰ সংকট মোচনৰ বাবে চৰকাৰে এক আচঁনি হাতত লৈছে। “মুখ‍্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ” আঁচনিৰ জৰিয়তে এই কুটিৰ শিল্প উদ্যোগ বিধৰ লগত জড়িত সকলক কেঁচা সামগ্ৰী যোগানৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱা হৈছে। আমি আশা কৰিছোঁ যে ৰণথলিৰ স্বৰ্ণ শিল্পৰ লগত জড়িতসকলে স্বাবলম্বী হোৱাৰ লগতে স্বৰ্ণ শিল্প উদ্যোগ বাণিজ্যৰে নগাঁৱৰ লগতে সমগ্র ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব। কেঁচা সামগ্ৰী বিতৰণ অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়া, নগাঁও জিলা উদ্যোগ-বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক অৰূপ ভঁড়ালী আৰু বিষয়া জামাদুল চৌধুৰীও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.