নিবনুৱা সকলে দেখিছে আশাৰ ৰেঙণি…

ওদালগুৰি জিলাৰ বাণিজ্যিক চহৰ টংলাত আজি ইষ্টমন কোম্পানীৰ অন্তৰ্ভুক্ত অসমৰ বিভিন্ন প্ৰান্তৰ ডীলাৰসকলৰ এক সন্মিলন -২০২২ অনুষ্ঠিত হয়।

ডীলাৰ মিট-২০২২ ৰ হৃদয়ংগম ইন্টাৰপ্ৰাইজৰ সৌজন্যত টংলাস্থিত অমৃত বিবাহ ভৱনত অসমৰ গাঁৱে ভুয়ে থকা ইষ্টমন কোম্পানীৰ বেটাৰী আৰু ই- ৰিক্সা ডীলাৰসকলৰ সৈতে বিষয়ববীয়াৰসকলৰ মত বিনিময় হোৱাৰ লগতে এই ক্ষুদ্ৰ ব্যৱসায়টি কেনেদৰে সম্প্ৰসাৰিত কৰিব পাৰি, ইয়াৰ লাভালাভ ,উন্নত প্ৰযুক্তি আদিৰ ওপৰত আলোচনা কৰা হয়।

অনুষ্ঠানত জি কে ৰিক্সা প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক খোকন হাৱলদাৰ,চেতিয়া ফাইনেন্সৰ পৰিচালন সঞ্চালক নৰেশ কুমাৰ চেতিয়া,ইষ্টমন কোম্পানীৰ অজয় দাস ,সন্দিপ ঘোষে উপস্থিত থাকি ডীলাৰসকলৰ অভাৱ ,অভিযোগ , ইষ্টমন কোম্পানীৰ প্ৰচাৰ -প্ৰসাৰ বৃদ্ধি কৰা আদি বিভিন্ন দিশ উল্লেখ কৰাৰ লগতে এই ক্ষুদ্ৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সম্ভাৱনা যথেষ্ট বুলি মত পোষণ কৰে।

অনুষ্ঠানত আঁত ধৰি অন্যতম উদ্যোক্তা হৃদয়ংগম ইণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ,তথা ইষ্টমন কোম্পানীৰ এগৰাকী ডীলাৰ নূপুৰ ৰঞ্জন বৰুৱাই সাংবাদিকৰ আগত কয় ই-ৰিক্সা ব্যৱসায়ৰ দ্বাৰা সৰু পৰিয়াল এটি সুন্দৰভাৱে চলাই জীৱন নিৰ্বাহ কৰিব পাৰে।এই ক্ষুদ্ৰ উদ্যোগটিৰ জৰিয়তে এচাম নিবনুৱা আৰু ই ৰিক্সা চলাই স্বাৱলম্বী হ’ব পাৰে বুলি জানিব দিয়ে ।

ডীলাৰসকলক ইষ্টমন কোম্পানীৰ তৰফৰ পৰা ফুলাম গামোচা, কলম ,ডায়েৰী ,টি চাৰ্ট আৰু অন্যান্য উপহাৰ সামগ্ৰী প্ৰদান কৰে।

-অৰূপ বড়ো

Related Articles