আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত পুৰোহিত আৰু নামঘৰীয়াসকলে বৰঙণি যোগাই আহিছে,ইয়াৰ জৰিয়তে সনাতন ধৰ্মই এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে৷অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জনতা ভৱনৰ সভাকক্ষত আয়োজিত ৰাজ্যখনৰ মাননীয় পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান প্ৰদান কৰে।
ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াসকলক আৰ্থিক সকাহ দিয়াৰ বাবে অসম চৰকাৰে বিশেষ অনুদান প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নামঘৰীয়াৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ৯,৯৮৭গৰাকীৰ পৰা ৬,১২৪গৰাকীক বাছনি কৰা হয়৷
আনহাতে, পুৰোহিতৰ মুঠ আবেদনকাৰী ৫,৯৩৩গৰাকীৰ ভিতৰত ২,৪৩৮গৰাকীক বাছনি কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত আৰু নামঘৰীয়াসকলক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে৷
অনুষ্ঠানত কেবিনেট মন্ত্ৰী শ্ৰীৰণজিৎ কুমাৰ দাস, শ্ৰীবিমল বড়া, শ্ৰীযোগেন মহন, মাননীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী, শ্ৰীবিদ্যাছিং ইংলেঙকে ধৰি ভালকেইগৰাকী মাননীয় বিধায়ক, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় সচিব শ্ৰীলয়া মাদুৰী তথা ৰাজ্য চৰকাৰৰ মাননীয় উচ্চপদস্থ বিষয়াবৰ্গ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।