শেহতীয়াকৈ ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত আমেৰিকাৰ শীৰ্ষ সাংসদসকলে ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ কথা কয়। আমেৰিকাৰ সাংসদসকলে কয় যে ভাৰতৰ বিৰুদ্ধে চীনে শেহতীয়াকৈ কৰা আগ্ৰাসনে ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ ইয়াংচে অঞ্চলত যোৱা ৯ ডিচেম্বৰত চীন আৰু ভাৰতীয় জোৱানৰ মাজত সংঘৰ্ষ হৈছিল।
২০২০ চনৰ জুন মাহত গালভান উপত্যকাত দুয়োখন দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ পিছত এইটোৱেই আছিল প্ৰথমটো বৃহৎ সংঘৰ্ষ। ইণ্ডিয়া ককাছৰ সহ-সভাপতিসকলে এক বিবৃতিত কয় যে অৰুণাচল প্ৰদেশত চীনৰ শেহতীয়া আগ্ৰাসনে ভাৰতৰ সৈতে শক্তিশালী নিৰাপত্তা অংশীদাৰিত্ব আমেৰিকা আৰু আমাৰ মিত্ৰ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে কিয় গুৰুত্বপূৰ্ণ সেই কথাৰ সোঁৱৰণী। সহ অধ্যক্ষসকলে কয় যে এই কাণ্ডই ভাৰতৰ ভূখণ্ডত চীনৰ গণৰাজ্যৰ পৰা পুনৰ ভাবুকিৰ চিন স্বৰূপ হৈ পৰিছে, য’ত ২০২০ চনত এল এ চিৰ কাষত চীনে পৰিকল্পিতভাৱে আগ্ৰাসনৰ ফলত প্ৰায় ২০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল।
প্ৰতিনিধি সদনে গৃহীত কৰা ২০২৩ বিত্তীয় বৰ্ষৰ এন ডি এ এত খান্না-শ্বেৰমান-শ্বৱাইকাৰ্ট সংশোধনী অন্তৰ্ভুক্ত কৰি ভাৰত ককাছে এই দিশত অগ্ৰগতি লাভ কৰিছে। ইয়াত চীনৰ পৰা অহা তাৎক্ষণিক আৰু গুৰুতৰ আঞ্চলিক সীমান্ত ভাবুকিৰ কথা উল্লেখ কৰা হৈছে।
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্ৰাসন আৰু বেদখল ৰোধ কৰিবলৈ উদীয়মান প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সামৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে বিত্তীয় বৰ্ষ ২০২৩ৰ চূড়ান্ত সন্মিলনৰ প্ৰতিবেদনত ১২৬০ ধাৰা অন্তৰ্ভুক্ত কৰাৰ বাবে সহ-সভাপতিসকলে শলাগ লয়। বিবৃতিটোত আৰু কোৱা হৈছে যে বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে আমেৰিকা আৰু ভাৰতৰ মাজত এক অনন্য বন্ধন আছে। ককাছৰ সহ-অধ্যক্ষ হিচাপে আমি আমাৰ নিৰাপত্তাজনিত সংযোগ আৰু দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰি যাম।