Breaking

মৃদুল ৰাম কলিতা আৰু ৰক্তিম ৰঞ্জন বৈশ্য চুড়ান্ত বিজয়ী। পুলিন দাস সোঁৱৰণী মুকলি ক্ৰীড়া কুইজ সম্পন্ন

0 119

গুৱাহাটী – পঞ্চম বাৰ্ষিক পুলিন দাস সোঁৱৰণী প্ৰাইজমানি ক্ৰীড়া কুইজ প্ৰতিযোগিতাত ৰক্টিম ৰঞ্জন বৈশ্য আৰু মৃদুল ৰাম কলিতায়ে শীৰ্ষ সন্মান অৰ্জন কৰে। গুৱাহাটী লন টেনিছ এছ’চিয়েচনৰ উদ্যোগত মহানগৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ২৪ ডিচেম্বৰত আয়োজন কৰা প্ৰতিযোগিতাত অভিলাছ মেধি আৰু দিপাঞ্জন দেৱে দ্বিতীয় আৰু দিপজ্যোতি ডেকা আৰু চন্দন দুৱৰা যুটিয়ে তৃতীয় স্থান অৰ্জন কৰে। প্ৰতিযোগিতাখন পৰিচালনা কৰে প্ৰখ্যাত কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই। মুঠ ৩১টা দলে অংশগ্ৰহণ কৰা ক্ৰীড়া কুইজ প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে ছটা দলে। ফাইনেলত মুঠ ছয়টা ৰাউণ্ডত কুইজ অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ শীৰ্ষ তিনিটা দলক ক্ৰমে ১২ হাজাৰ, ৮ হাজাৰ আৰু ৬ হাজাৰ টকাৰে পুৰষ্কৃত কৰা হয়। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দলকেইটাক দুই হাজাৰ টকাকৈ পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাত ভাগ লোৱা দৰ্শকেও বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ জয় কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত গুৱাহাটী লন টেনিছ এছ’চিয়েচনৰ সভাপতি কল্যাণ কুমাৰ দাসে নিমন্ত্ৰিত অতিথি সকলক আদৰণি জনায়। অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা, প্ৰবীণ ক্ৰিড়াবিদ প্ৰদীপ চলিহা, ৰাজা কাকতি, প্ৰণয় বৰদলৈ, বিদ্যুৎ কলিতা, ৰাজীৱ প্ৰকাশ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

বিশিষ্ট অতিথিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰি এনে ধৰণৰ প্ৰতিযোগীতাই শাৰীৰিক, মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে প্ৰতিদ্বন্দিতামূলক মনোভাৱ বঢ়াই বুলি মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ উদ্বোধনী সমাৰোহৰ বন্তি প্ৰজ্বলন কৰি মহান ক্ৰীড়া সংগঠক ক্ৰীড়ামহিৰূহ পুলিন দাসলৈ শ্ৰদ্ধাঞ্জলি জনায় গুৱাহাটী লন টেনিছ এছ’চিয়েচনৰ সভাপতি কল্যাণ কুমাৰ দাসে, উপসভাপতি ভাস্কৰ বৰ্মন আৰু ৰংগণ ভূঞাই ।

Leave A Reply

Your email address will not be published.