Breaking

যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গোগামুখত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাঃ চূড়ান্ত খেলত কংকন একাদশ চেম্পিয়ন…

0 87

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবছৰো গোগামুখত দিবা-নৈশ প্ৰাইজমাণি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাখন  অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ ৰে’লৱে কলনি খেলপথাৰত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাৰ কালি মাজনিশা ফাইনেল খেলখনৰ অনুষ্ঠিত হয় ৷ ফাইনেলত গোগামুখ কংকন একাদশে গোগামুখ ডি জে পৱন একাদশক ৭ ৰাণৰ ব্যৱধানত পৰাজিত কৰে ৷

প্ৰতিযোগিতাখনৰ মেন অৱ দ্যা টুৰ্ণামেন্টৰ সন্মান লাভ কৰে কংকন একাদশৰ অংকুৰ সিঙে ৷ মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে ৰাণাৰ আপ দল ডি জে পৱনৰ সমৰ আলিয়ে ৷ উল্লেখনীয় যে যুৱ ব্যৱসায়ী কংকন সেনৰ পৃষ্ঠপোষকতাত কংকন একাদশ ক্ৰিকেট দল গঠন হৈছে ৷ 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলা পৰিষদৰ  সভাপতি মোহন গগৈয়ে ৷ প্ৰতিযোগিতাখন সফল সামৰণি পৰাত  সকলো খেলুৱৈ আৰু দৰ্শক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে যুুুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিকৰ সভাপতি বলোৰাম টাইদ আৰু সম্পাদক পাপুল দাসে ৷

Leave A Reply

Your email address will not be published.